ASSAM TIMES POST
নগাঁও: দীৰ্ঘদিন ধৰি ভয়-ভাবুকিৰে নগাঁও চহৰৰ বৰভেটি, ইছলামপট্টি, মোল্লাপট্টি আৰু হয়বৰগাঁও আদি অঞ্চলত মাটি দখলৰ বিভিন্ন অভিযোগত অভিযুক্ত লাডেন ওৰফে ৰফিক চোকদাৰক যোৱানিশা ইছলামপট্টিৰ পৰা নগাঁও আৰক্ষীয়ে আটক কৰে।
উল্লেখ্য যে ভূ-মাফিয়া লাডেনৰ কু-কীৰ্তিৰ বিষয়ে ইতিমধ্যে সংবাদ মাধ্যমত বাতৰি পৰিৱেশিত হৈছিল যদিও নগাঁও আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাছিল । ইপিনে যোৱা ২৭ মাৰ্চত লাডেনে গুণ্ডাবাহিনী লৈ খাইৰুল ইছলাম নামৰ এজন লোকৰ মাটি দখল কৰাৰ ওপৰিও লোকজনৰ পত্নীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল।
উক্ত ঘটনা সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হয় যদিও আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল। ইয়াৰ উপৰিও লাডেন বাহিনীয়ে নগাঁৱৰ জ্যোতি ফ্লৰ মিলৰ সন্মুখৰ দীপ্তি ৰাজখোৱা আৰু টংক ৰাজখোৱাৰ ম্যাদি পট্টাৰ মাটি দখল কৰি ঘৰ-বাৰী নিৰ্মান কৰাৰো অভিযোগ উঠিছিল। আনকি লক-ডাউনৰ সময়ছোৱাতো লাডেন ওৰফে ৰফিক চোকদাৰৰ সন্ত্ৰাস অব্যাহত আছিল।
নিজকে এগৰাকী প্ৰাক্তন মন্ত্ৰীৰ ঘনিষ্ঠ বুলি পৰিচয় দিয়া লাডেন ওৰফে ৰফিক চোকদাৰ বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত ৰাজনৈতিক ভাৱে প্ৰভাৱশালী হোৱাৰ সুবাদতে তেওঁৰ বিৰুদ্ধে মাত-মতা নানা প্ৰকাৰে ভাবুকি প্ৰদান কৰিছিল।
আনহাতে দুদিন পূৰ্বে পুৰণিগুদাম পেট্ৰল পাম্পত ডকাইটি কৰিবলৈ অহা ৫জনীয়া ডকাইটৰ এটা দলক চামগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত কালি ডকাইটৰ দলৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত নগাঁও আৰক্ষীয়ে লাডেনক আটক কৰে ।
ডকাইটৰ দলটোক লাডেনে অবৈধ অস্ত্ৰ-শস্ত্ৰ যোগান ধৰাৰ অভিযোগ উঠিছে । ইপিনে চামগুৰি আৰক্ষীয়ে নগাঁও সদৰ থানাৰ পৰা লাডেনক সোধা-পোচাৰ বাবে লৈ যায়।ভূ-মাফিয়া লাডেনক আৰক্ষীয়ে আটক কৰাত নগাঁও চহৰবাসীয়ে সন্তুষ্টি প্ৰকাশ কৰিছে ।













