ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ ,বোকাখাত :
অলপতে বোকাখাত কোৱাৰেণ্টীনত থকা ৩২ জনকৈ লােকৰ দেহত ক’ভিড ১৯ পজিটিভ যোৱাৰ পাছত বর্তমান বোকাখাত আৰু কাজিৰঙাৰ ১৩ টা কোৱাৰেন্টীন চেন্টাৰৰ কাজিৰঙাত কালি পুনৰ ৬ জন কভিভ পজিটিভ লোক চিনাক্ত কৰা হৈছে |
কাজিৰঙাৰ বনশ্ৰী আৰু অৰিঅ’ল কেন্দ্ৰত এই ৬ জন লোক আছিল। আজি কোৱাৰেন্টীন চেন্টাৰত থকা লোকৰ ভিতৰত বনশ্রী ল’জত ৯ জন, অৰিঅলত ৯ জন, অৰণ্যত ৮ জন, জোনাকী কাৰেঙত ১১জন, কাজিৰঙা কলেজত ৯ জন, জে.ডি.এচ.জি কলেজ ওমেন হোস্টেল ২ জন, উদ্যোগ বিভাগৰ কাৰ্যালয় ১৮ জন, হিন্দী হাইস্কুলত ৪৬ জন আৰু চি এন বি ৫৬ জন লােকক ৰখা হৈছে।
ইফালে হ ম কোৱাৰেটীনৰ সময়ত পৰিয়ালৰ লোক সকলৰ নিৰাপত্তাৰ বাবে একাংশ লােকক বােকাখাতৰ বিভিন্ন বিদ্যালয়ত ৰখা হৈছে। ৫৩০ গৰাকী এনে লোকৰ ৩৮ গৰাকী ঘৰত থকাৰ উপৰিও বাকী সকল আছে গাঁৱৰ বিদ্যালয় বা আন সামুহিক কেন্দ্ৰত।
আনহাতে কোৱাৰেণ্টীনত থাকিব নিবিচৰা একাংশ লােক ৰাজ্যৰ বাহিৰৰ পৰা আহি পৰীক্ষাৰ অবিহনে নিজ গৃহে আশ্রয় লােৱাৰ অভিযােগ পোৱা গৈছিল যদিও এনে লােক সকলৰ বাবে বোকাখাতৰ আৰক্ষী, চিকিৎসা বিভাগৰ লােক আৰু মহকুমা প্রশাসন ব্যস্ত হৈ পৰা দেখা গৈছে।













