ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত:
বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ কৃষি বিভাগৰ অধীনৰ বোকাখাতৰ পানবাৰীস্থ কৃষি উপসঞ্চালক কাৰ্যালয়ত থকা ”ক্ষেত্ৰ অনুসন্ধান কেন্দ্ৰ” প্ৰাংগনত কেইবাবিধো ফল-মূলৰ পুলি ৰোপন কৰা হয় ৷ কাৰ্যালয়টোৰ সমূহ বিষয়া কৰ্মচাৰীৰ ব্যক্তিগত পূঁজিৰে বিভিন্ন প্ৰজাতিৰ ২৫ বিধ ফল-মূলৰ পুলি ৰুই পুলিবোৰৰ ৰক্ষণাবেক্ষণৰ বাবে উন্নতমানৰ ঘেৰাৰ ব্যৱস্থাও কৰা হয়৷
কাৰ্যালয়টোৰ চাৰিসীমাৰ ভিতৰত ওখ, চাপৰ বিভিন্ন প্ৰজাতিৰ ছাঁ দিব পৰা বহুখিনি গছ আছে যদিও, বৰ্তমান ফল-মূলৰ গছৰ পুলিহে আজি ৰোৱা হৈছে বুলি কৃষি উপসঞ্চালকৰ দায়িত্বত থকা অলকানন্দ কাকতিয়ে জানিবলৈ দিয়ে। এই ফল-মূলবোৰ ভৱিষ্যত প্ৰজন্মৰ লগতে পক্ষী আদি জীৱকুলৰ খাদ্য হ’ব৷ এই কাৰ্যৰে পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা হ’ব ৷ গছপুলি ৰোপন আৰু ৰক্ষণাবেক্ষণক আমি মজ্জাগত কৰি সেইদৰে প্ৰকৃতিমাতৃৰ সেৱা কৰিব পাৰোঁ বুলিও উপসঞ্চালকৰ দায়িত্বত থকা কাকতিয়ে মন্তব্য কৰিছে ৷













