ASSAM TIMES POST
ৰাজ্যত পুনৰ ৩৯ গৰাকী সুস্থ হৈও উঠিছে ক’ৰোণাত আক্ৰান্ত হোৱা ৰোগী ৷ পুণৰ ৩৯ গৰাকী ৰোগীয়ে চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷তেওঁলোকক দুবাৰকৈ পৰীক্ষণৰ পিছত ফলাফল ঋণাত্মক পোৱা গৈছে ৷টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সুস্থ হোৱা লোকসকল ১৩ জন এমএমচিএইছ , ১১জন তেজপুৰ মেডিকেল কলেজ ,৬জন গোলাঘাট চিভিল, ৫ জন যোৰহাট মেডিকেল কলেজ, ৩ জন অসম চিকিৎসা মহাবিদ্যালয়ৰ আৰু ১জন শিলচৰ মেডিকেল কলেজৰ । বৰ্তমান ১৬৪৮ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৪৯৮ জন।













