ASSAM TIMES POST
নিউজ ডেস্ক:
ক’ৰোনাত আক্ৰান্তৰ তালিকাত পৃথিৱীৰ ষষ্ঠ স্থানত ভাৰত উপনীত হৈছে৷ আমেৰিকা, ব্রাজিল, ৰাছিয়া, ব্ৰিটেইন আৰু স্পেইনৰ পাছত ভাৰতৰ স্থান পালেহি৷ উল্লেখ্য যে ভাৰতত ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা নিতৌ বৃদ্ধি পাই আছে৷
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে যোৱা ২৪ ঘণ্টাত ক’ৰোনা সংক্ৰমিত হৈছে ৯৮৮৭জনলৈ৷ এদিনত ইমান সংখ্যক মানুহ আগতে সংক্ৰমিত হোৱা নাছিল, ফলত ই এক অভিলেখ হিচাপে প্ৰতিপন্ন হৈছে৷ ইয়াৰ লগে লগে দেশত ২,৩৬,৬৫৭ জন লোক এই ভাইৰাছত আক্ৰান্ত হৈছে৷ এই সংখ্যাৰ পৰাই ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ তালিকাত ইটালীৰ পাছতে ভাৰতৰ স্থান হৈছেগৈ৷ অৰ্থাৎ ক’ৰোনাত আক্ৰান্তৰ তালিকাত এতিয়া ভাৰতৰ স্থান হ’ল পৃথিৱীৰ ভাতৰত ষষ্ঠ৷ তদুপৰি ক’ৰোনাত মৃত্যুৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷
কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে যোৱা ২৪ ঘণ্টাত ২৯৪জনৰ মৃত্যু হৈছে৷ যিটো এদিনৰ হিচাপত সৰ্বোচ্চ৷ ইয়াকে লৈ ভাৰতত মুঠ ৬৬৪২জন লোক ক’ৰোনাত মৃত্যু হয়৷ ইয়াৰে ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক লোকৰ মৃত্যু হয়৷ ক’ৰোনাত মহাৰাষ্ট্ৰত ২৮৪৯ জন লোকৰ মৃত্যু হৈছে৷ তাৰ পাছত ১১৯০ জন মৃত্যুৰে দ্বিতীয় স্থানত আছে গুজৰাট৷ ৰাজধানী দিল্লীত ৭০৯, মধ্যপ্রদেশত ৩৮৪ আৰু পশ্চিম বংগত ৩৬৬ জনৰ মৃত্যু হৈছে৷
উল্লেখ্য যে দেশত সৰ্বাধিক সংক্ৰমণ হোৱা ৰাজ্য মহাৰাষ্ট্র৷ এইখন ৰাজ্যত ৮০২২৯ জন লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ ৰাজ্যখনত যোৱা ২৪ ঘণ্টাত ২৪৩৬জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷ তাৰ পাছতে তামিলনাডুত ২৮৬৯৪, দিল্লীত ২৬৩৩৪, গুজৰাটত ১৯০৯৪, ৰাজস্থানত ১০,০৮৪, উত্তৰ প্রদেশত ৯,৭৩৩, মধ্যপ্রদেশত ৮,৯৯৬, পশ্চিম বংগত ৭,৩০৩, কৰ্ণাটকত ৪,৮৩৫, বিহাৰত ৪,৫৯৬, অন্ধ্রপ্রদেশত ৪,৩০৩, হৰিয়ানাত ৩,৫৯৭, জম্মু আৰু কাশ্মীৰত ৩,৩২৪, তেলেংগানাত ৩,২৯০, ওড়িশ্যাত ২,৬০৮, পঞ্জাৱত ২,৪৬১, অসমত ২,১৫৩, কেৰালাত ১,৬৯৯ আৰু উত্তৰাখণ্ডত ১,২১৫ জন আক্ৰান্ত হৈছে৷













