ASSAM TIMES POST
নগাঁও : আজি ফলাফল ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অবিভক্ত নগাঁও জিলাৰ চাৰিগৰাকী শিক্ষাৰ্থীয়ে ৰাজ্যখনৰ ভিতৰতে স্হান দখল কৰি নগাঁও আৰু হোজাই জিলালৈ সুনাম কঢ়িয়াই আনে। নগাঁও চহৰৰ চেন্ট এন্টনী ইংলিছ স্কুলৰ ছাত্ৰী ঝলক জালানে ৰাজ্যৰ ভিতৰতে সপ্তম স্হান দখল কৰাত বিদ্যালয়খনৰ লগতে নগাঁও চহৰত এক আনন্দৰ পৰিৱেশে বিৰাজ কৰে ।মুঠ ৫৮৭ নম্বৰ লাভ কৰা ঝলকে ভৱিষ্যতে এগৰাকী চিকিৎসক হব বিচাৰে। নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী কাছমাৰী পলাশতল হাইস্কুলৰ ছাত্ৰী শিল্পীশিখা ডেকাই আজি ঘোষিত ফলাফলত ৰাজ্যৰ ভিতৰতে নৱম স্হান দখল কৰি নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনে।

শান্ত আৰু নিৰ্জু স্বভাৱৰ শিল্পীশিখাই ভৱিষ্যতে এগৰাকী চিকিৎসক হৈ ৰাইজক সেৱা আগবঢ়োৱাৰ হেঁপাহ পুহি ৰাখিছে । শিল্পীশিখাৰ পিতৃ ভুবন চন্দ্ৰ ডেকা তেওঁ অধ্যয়ন কৰা বিদ্যালয়খনৰ প্ৰধান শিক্ষক । ইপিনে ৰহা প্ৰাঞ্জল মেম’ৰিয়েল স্কুলৰ মেধাৱী ছাত্ৰ ঋতিক কুমাৰ সুতে দশম স্হান দখল কৰি নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনে । ৰহাৰ দীপক সুত আৰু ৰিনু বৰাৰ পুত্ৰ ঋতিকে আজৰি পৰত মুকা অভিনয় কৰি ভাল পায় ।ঋতিকৰ সফলতাত ৰহা অঞ্চলত আনন্দৰ জোৱাৰ উঠে।

ইপিনে অবিভক্ত নগাঁও জিলাৰ লংকাৰ চামাৰিটেন ইংলিছ স্কুলৰ ছাত্ৰী অংকিতাই চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্হান দখল কৰাত অবিভক্ত নগাঁও জিলাৰ শৈক্ষিক ক্ষেত্রখনত আনন্দৰ লহৰ উঠে। মেধাৰ দৌৰত অবিভক্ত নগাঁও জিলাৰ চাৰিগৰাকীকৈ ছাত্ৰ-ছাত্ৰী উজ্বলি উঠাত জিলাখনৰ শৈক্ষিক ক্ষেত্রখন অধিক আশাব্যঞ্জক হৈ পৰে ।













