ASSAM TIMES POST
মৃণাল ডেকা , শুৱালকুছি :
কামৰূপ জিলাৰ জিলাৰ পূৱ বংশৰ মৌজাৰ শিঙিমাৰী – আলিকাষ -বামুণবড়ী হাইমাদ্ৰাছাৰ ছাত্ৰী আপছানা ইয়াছমিনে আজি হাই মাদ্ৰাছা পৰীক্ষাৰ ঘোষিত ফলাফলত অসমৰ ভিতৰত দ্বিতীয় স্থান পাইছে ৷ তেওঁলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছে সদৌ অসম ছাত্ৰ সন্থাৰ সহকৰী সাধাৰণ সম্পাদক প্ৰকাশ চন্দ্ৰ দাস ৷
সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতা ,পূৱ বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মনোৰঞ্জন দাসকে ধৰি বিভিন্ন দল সংগঠনে ছাত্ৰ গৰাকীক নিজ বাস গৃহত গৈ শুভেচ্ছা জ্ঞানপন কৰে ৷ তেওঁ শিঙিমাৰী আলিকাষ বামুণবুড়ী হাইমাদ্ৰাছাৰ ছাত্ৰী; তেওঁ মুঠ নম্বৰ লাভ কৰিছে ৫৫২ , ৯২ শতাংশ













