ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ
অসমত নতুনকৈ ৮১ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ ।ইয়াৰে ৪০ গৰাকী হোজাইৰ, ৯ গৰাকী ধেমাজিৰ, ৭ গৰাকী বৰপেটাৰ, ৭ গৰাকী নগাঁৱৰ, ৪ গৰাকী বিশ্বনাথৰ, ৪ গৰাকী বিমানবন্দৰৰ, ৩ গৰাকী শোণিতপুৰৰ, ২ গৰাকী কাৰ্বি আংলঙৰ, ২ গৰাকী তিনিচুকীয়াৰ, এগৰাকী মৰিগাঁৱৰ, এগৰাকী ডিব্ৰুগড়ৰ আৰু এগৰাকী লখিমপুৰৰ।
ইয়াৰ সৈতে ৰাজ্যত বৰ্তমানলৈকে আক্ৰান্ত ৰোগীৰ সংখ্যা ২৩২৪ লৈ বৃদ্ধি পায়।টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।ৰাজ্যত বৰ্তমান ১৮০৮ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৫০৯ জন।













