ASSAM TIMES POST
নিউজ ডেস্ক:
আজি ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত কামৰূপ(ম) জিলা চাৰি গৰাকীৰ শিক্ষাৰ্থীয়ে ৰাজ্য ভিতৰতে শীর্ষ ১০টা স্থানত জিলিকিবলৈ সক্ষম হৈছে।
তৃতীয় স্থান লাভ কৰিছে চেইণ্ট মেৰিজ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চাকি জি বুলটন।তেওঁ লাভ কৰিছে মুঠ নম্বৰ ৫৯১।অসমীয়া ৯৬, ইংৰাজী ৯৬, সাধাৰণ গণিত ১০০, সাধাৰণ বিজ্ঞান ১০০,সমাজ বিজ্ঞান ৯৯ আৰু ঐচ্ছিক গণিত ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।
চতুৰ্থ স্থান লাভ কৰিছে দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ হিয়াশ্ৰী শৰ্মা।মুঠ নম্বৰ লাভ কৰিছে ৫৯০।অসমীয়া ৯৫, ইংৰাজী ৯৬, সাধাৰণ গণিত ১০০, সাধাৰণ বিজ্ঞান ৯৯, সমাজ বিজ্ঞান ১০০ আৰু ঐচ্ছিক গণিত ১০০ নম্বৰ।
নৱম স্থানত লাভ কৰিছে দুগৰাকী মেধাৱীয়ে।নুনমাটি অসম জাতীয় বিদ্যালয় অন্যন্যা মেধিয়ে।লাভ কৰিছে ৫৮৫ মুঠ নম্বৰ।অসমীয়া ৯৫, ইংৰাজী ৯৭, সাধাৰণ গণিত ১০০, সাধাৰণ বিজ্ঞান ১০০, সমাজ বিজ্ঞান ৯৬ আৰু ঐচ্ছিক গণিত ১০০নম্বৰ।
আন গৰাকীৰ নিৰজ খেতান।হেপী চাইল্ড হাইস্কুল পৰা মুঠ নম্বৰ লাভ কৰিছে ৫৮৫। হিন্দী ৯৫, ইংৰাজী ৯৭, সাধাৰণ গণিত ১০০, সাধাৰণ বিজ্ঞান ৯৮, সমাজ বিজ্ঞান ৯৫ আৰু ঐচ্ছিক গণিত ১০০ নম্বৰ লাভ কৰিছে।
গুৰুত্বপূৰ্ণ কথা এই যে কামৰূপ(ম) জিলাত উত্তীণ হাৰ হৈছে ৭২.৪৭%।













