ASSAM TIMES POST
নগাঁও:
চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অবিভক্ত নগাঁও জিলাৰ মুঠ ২৪,৫৯২ গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল। আজি ঘোষিত ফলাফলত এই সকল শিক্ষাৰ্থীৰ ভিতৰত ৩৬৩৪জনে প্ৰথম বিভাগ,৫১৭০ জনে দ্বিতীয় বিভাগ আৰু ৬১৭৪ জনে পৰীক্ষাৰ্থীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। জিলাখনৰ সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৬০.৯১ শতাংশ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ উত্তীৰ্ণৰ ক্ষেত্ৰত নগাঁও জিলাৰ স্থান বিশংতম।ইপিনে, হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত অবিভক্ত জিলাখনৰ পৰা মুঠ ১০৭৯ গৰাকী শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে ৭২৪ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে।
প্ৰথম বিভাগত ৭৯ গৰাকী, দ্বিতীয় বিভাগত ৩৫৩ গৰাকী আৰু তৃতীয় বিভাগত ২৯২ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে। ৩৫৫ গৰাকী শিক্ষাৰ্থী এইবাৰ পৰীক্ষাত অনুত্তীৰ্ণ হৈছে। হাইমাদ্ৰাছাৰ চুড়ান্ত পৰীক্ষাত জিলাখনৰ সামগ্ৰী উত্তীৰ্ণৰ হাৰ ৬৭.১০ শতাংশ।













