ASSAM TIMES POST
নিউজ ডেস্ক:
এফালে বৃদ্ধি; আনফালে হ্ৰাস। শেহতীয়াকৈ ২১ জন ধুবুৰী, ১২ জন ডিমা হাচাওঁ, ৬ জন গোৱালপাৰা, ৫ জন হাইলাকান্দি, ৫ গৰাকী কামৰূপ, ৪ গৰাকী এয়াৰপোৰ্ট, ৪ জন পশ্চিম কাৰ্বিআংলঙৰ, ৪ গৰাকী গোলাঘাটৰ, ৩ গৰাকী ধেমাজিৰ, ২ গৰাকী কাছাৰৰ আৰু ১ জনকৈ লোক ক্ৰমে MMCH, ৰঙাপাৰা, কাৰ্বি আংলং, নগাওঁ, চৰাইদেউ, কৰিমগঞ্জ আৰু শিৱসাগৰৰ পৰা নতুনকৈ ক’ৰ’ণা মহামাৰীত আক্ৰান্ত হৈছে।


আনহাতে, নতুনকৈ নগাওঁ ১০ গৰাকী, GMCH ৰ ৮ গৰাকী, JMCH ৰ ৭ গৰাকী, TMCH ৰ ৭ গৰাকী আৰু কৰিমগঞ্জৰ ৪ গৰাকী ৰোগীক আজি যাবলৈ দিয়া হয়। ইয়াৰ লগতে সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১৮০২ জন আৰু ক’ৰ’ণা মুক্ত হৈছে ৫৮৮ জন।













