ASSAM TIMES POST
নিউজ ডেস্ক:
ৰাষ্ট্ৰপতি ডনিল্ড ট্ৰাম্পৰ কাৰ্যকাল চমু চাপি আহিছে৷ যিহেতু অহা নৱেম্বৰ মাহত আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’ব৷ এই নিৰ্বাচনৰ বাবে ডেমক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী হ’ব জো বাইডেন৷ তেওঁৰ নাম ঘোষণাৰ পাছত এক বিবৃতিত বাইডেনে কয়, ইমান দিনে ডেমক্ৰেটিক পাৰ্টিৰ নেতাৰ প্ৰতিনিধি হিচাপে কাম কৰিছিল, তাত নিজকে দেখিবলৈ পায় সন্মানিত আৰু গৰ্বিত৷
এই নিৰ্বাচনত একক দল হিচাপে যুঁজ কৰিব৷ বাইডেনৰ অন্যতম প্রতিদ্বন্দ্বী বার্নি ছাণ্ডাৰ্ছে এপ্ৰিলত প্ৰচাৰ স্থগিত কৰে৷ তাৰ পাছতে ডেমক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী হিচাপে তেওঁৰ নাম মনোনীত কৰে৷ তেওঁৰ নাম দলৰ ১৯৯১জন প্রতিনিধিৰ সিদ্ধান্তৰ প্ৰয়োজন আছিল৷ ক’ৰোনা ভাইৰাছ মহামাৰীৰ বাবে এই কাম পিছুৱাই গৈছিল৷













