ASSAM TIMES POST
অসমত পুনৰ ৭৬ গৰাকী ব্যক্তিৰ দেহত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে ।ইয়াৰে ২৩জন ধুবুৰী, ২২জন দৰং, ১২জন কামৰূপ মেট্ৰ, ৭জন ডিব্ৰুগড়, ৫জন বৰপেটা, ৩জন ধেমাজি, ২জন শোণিতপুৰ আৰু ২জন বঙাইগাঁৱৰ৷ টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অসমত ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২৪৭৩জনলৈ বৃদ্ধি পাইছে।ইয়াৰে সুস্থ হৈ উঠিছে ৫৮৮জন লোক।আনহাতে, বৰ্তমানেও চিকিৎসাধীন ১৮৭৮জন।













