ASSAM TIMES POST
নিউজ ডেস্ক:
মহানগৰীত জীৱ শ্ৰেষ্ঠ হিচাপে পৰিচিত মানৱৰ হাতত প্ৰাণ হেৰুৱালে এটা নাহৰফুটুকীয়ে।গুৱাহাটী কটাহবাৰীত একাংশ লোকে মিলি হানি-খুচি হত্যা কৰে খাদ্য সন্ধানত জনাঞ্চললৈ ওলাই অহা এটা নাহৰফুটুকী বাঘক।অতি নিৰ্মম ভাৱে বন্য প্ৰাণীটোক হানি-খুচি হত্যা কৰিছে মানৱ ৰূপী একাংশ নিৰ্দয় লোকে।

উল্লেখ যে স্থানীয় ৰাইজৰ পৰা লাভ কৰা খবৰ অনুসৰি ভালেদিন ধৰি অঞ্চলটো বাঘটো বিচৰণ ৰাইজে প্ৰত্যক্ষ কৰিছিল।যাৰ বাবে বন বিভাগক বাঘটো ধৰা বাবে আহ্বান জনায় বহু কেইবা অৱগত কৰিছিল।কিন্তু ৰাজ্য বিয়াগোম বন বিভাগে জনাঞ্চলত অৱস্থান কৰা বাঘটো ধৰা বাবে বিশেষ তৎপৰাত গ্ৰহণ নকৰিলে।ফলত ৰাইজে নিজেই বাঘটো ধৰা বাবে ফাণ্ড পাতে আৰু তাতে ধৰি বাঘটোক হানি-খুচি হত্যা কৰে।ইফালে বাঘটো হত্যা কৰা বহু সময়ৰ পাছত বনবভাগৰ লোক উক্ত স্থানত উপস্থিত-ৰাইজে এইদৰে কয়।
আনহাতে নাহৰফুটুকীটো হত্যাৰ সন্দৰ্ভত ৬জন লোকক গ্ৰেপ্তাৰ কৰিছে গড়চুক আৰক্ষীয়ে।













