ASSAM TIMES POST
ডিফুৰ পৰা ছাইদুল ইছলাম
ডিফু : যোৰহাট জিলাৰ বৰহোলাৰ স্নাতক মহলাৰ ছাত্ৰ জয়ন্ত বৰাক উগ্ৰপন্থীৰ সন্ধানত যোৱা সেনাৰ লোকে নিৰ্যাতন চলাই নৃশংসভাৱে হত্যা কৰা ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিয়ে ।
আজি দিনৰ দহ বজাত বকলীয়াঘাটস্থিত সংগঠনটোৰ কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি ছাত্ৰ সংগঠনটোৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে জিতু ফুকন জৰু অপূৰ্ব দাসে উগ্ৰপন্থী বিচৰাৰ নামত এজন নীৰিহ যুৱকক নিশা শোৱা পাটিৰ পৰা উঠাই আনি নিৰ্যাতন চলাই হত্যা কৰাৰ ঘটনাই ৰাজ্যখনৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাটোকে প্ৰতীয়মান কৰে বুলি মন্তব্য কৰে।
জয়ন্ত বৰাৰ হত্যাৰ ঘটনাই নব্বৈৰ দশকৰ সেনা সন্ত্ৰাসৰ ভয়াৱহ দিনবোৰৰ স্মৃতি সজীৱ কৰি তোলা বুলি মত ব্যক্ত কৰি ৰাইজক সকলোধৰণৰ নিৰাপত্তা প্ৰদানৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা চৰকাৰখনৰ আমোলত আজি গুপ্তহত্যা আৰু মুক্তহত্যা দুয়োটাই সুলভ হৈ পৰা বুলি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে।
আনহাতে, জয়ন্ত বৰাৰ হত্যাকাণ্ডৰ তদন্ত যাতে ফাইলতে আৱদ্ধ নাথাকে তাৰ প্ৰতি আহ্বান জনাই জয়ন্ত হত্যাৰ সৈতে জড়িত সকলোকে উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনায়। অসমত সম্প্ৰতি কাৰ্যকৰী হৈ থকা সামৰিক বাহিনীৰ বিশেষ সশস্ত্ৰ আইন বাতিল কৰাৰ বাবেও সংগঠনটোৱে দাবী জনায় । সংবাদমেলত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বকলীয়াঘাট আঞ্চলিক সমিতিৰ উপ-সভাপতি মুকুন্দ বৰা আৰু সাধাৰণ সম্পাদক ঋতুৰাজ বৰুৱা উপস্থিত থাকে।













