ASSAM TIMES POST
ৰাজ্যত পুনৰ ১৯৬ গৰাকী সুস্থ হৈও উঠিছে ক’ৰোণাত আক্ৰান্ত হোৱা ৰোগী ৷ পুণৰ ১৯৬ গৰাকী ৰোগীয়ে চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷তেওঁলোকক দুবাৰকৈ পৰীক্ষণৰ পিছত ফলাফল ঋণাত্মক পোৱা গৈছে ৷ ইয়াৰ ফলত ৰাজ্যত ৰোগী সুস্থ হোৱাৰ হাৰ ৬৩ শতাংশ হ’লগৈ ৷ টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।এইয়া ৰাজ্যৰ বাবে সুখবৰঃ।
সম্প্ৰতি ৰাজ্যত সুস্থ হোৱা ব্যক্তিৰ সংখ্যা — ৩৯৫৮
চিকিৎসাধীন ৰোগীৰ সংখ্যা — ২৩১২













