ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ:
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত শীৰ্ষত জিলাত আছে দৰং জিলা ।মুঠ অৱতীৰ্ন হৈছিল ৫০৪৯ গৰাকী।প্ৰথম বিভাগত ১০২৩, দ্বিতীয় বিভাগত ১৭১৭ ,তৃতীয় বিভাগত ১৭৫৭ জন উত্তীৰ্ন হয় ৷ মুঠ উত্তীৰ্ন হয় ৪৪৯৭ ৷ উত্তীৰ্নৰ হাৰ ৮৯.০৭ ৷
বাণিজ্য শাখাত ১০০% উত্তীৰ্নৰে শীৰ্ষত আছে তিনিখন জিলা।চিৰাং জিলা মুঠ অৱতীৰ্ন ৩৭ জন ১৩ জন প্ৰথম, ৮ জন দ্বিতীয়, ১৬ জন তৃতীয় বিভাগত উত্তীৰ্ন হৈছে।
মাজুলী মুঠ অৱতীৰ্ন ২৭ জন। প্ৰথম বিভাগত ৩জন , দ্বিতীয় ১০ জন আৰু তৃতীয় ১৪ জন ৷
পশ্চিম কাৰ্বি আলংত মুঠ অৱতীৰ্ন ৬ প্ৰথম বিভাগত ১ জন,দ্বিতীয় বিভাগত ১ জন আৰু তৃতীয় বিভাগত ৪ জন উত্তীৰ্ন হয়
বিজ্ঞান শাখাত শীৰ্ষ উত্তীৰ্ন জিলা হৈছে শিৱসাগৰ।মুঠ অৱতীৰ্ন ১১৬৭। ৭২১ জন প্ৰথম, ৩৩৫ জন দ্বিতীয়, ৬৪ জন তৃতীয় বিভাগত উত্তীৰ্ন । উত্তীৰ্নৰ হাৰ ৯৫.৯৭%।













