ASSAM TIMES POST
নিউজ ডেস্ক :
দেশজুৰি কৰোনাৰ পৰিস্থিতিৰ মাজতে দ্বাদশ শ্রেণীৰ শিক্ষাৰ্থীসকলৰ বাকী থকা কেইবাটাও বিষয়ৰ পৰীক্ষা পহিলা জুলাইৰ পৰা অনুষ্ঠিত নকৰে চিবিএছই-এ। বৃহস্পতিবাৰে ছুপ্রিম কোর্টক এই কথা জনাই দিয়ে চিবিএছই-এ। ১-১৫ জুলাই পর্যন্ত এই পৰীক্ষাসমূহ অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু চিবিএছই-এ শীর্ষ আদালতক জনায়, কৰোনা পৰিস্থিতিৰ মাজত মহাৰাষ্ট্র, দিল্লী আৰু তামিলনাডুৱে পৰীক্ষা চলাবলৈ ৰাজী নহয়। অৱশ্যে বোর্ডৰ তৰফৰ পৰা এইটোও কোৱা হৈছে, পৰিস্থিতি অনুকূল হ’লে বাকী থকা পৰীক্ষাসমূহ লোৱা হ’ব।
আনহাতে, পৰৱর্তী সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষা ল’ব নে ইন্টাৰনেল এছেছমেণ্টৰ ভিত্তিত তেওঁলোকৰ ফলাফল ঘোষণা কৰিব বুলি সোধা এক প্ৰশ্নৰ উত্তৰত চিবিএছই-এ কয়, দ্বাদশ শ্রেণীৰ পৰীক্ষার্থীসকলৰ পৰীক্ষা লোৱা হ’ব। ইয়াৰ উপৰি কেৱল মাত্র উত্তৰ-পূব দিল্লীৰ দশমমানৰ শিক্ষাৰ্থীসকলৰ বাকী থকা পৰীক্ষাসমূহ বাতিল কৰা হৈছে বুলিও জনায় চিবিএছই-এ।