ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

৩৪ বছৰীয়া বান সমস্যা আৰু জৰ্জৰিত বোকাখাতৰ যোগনীয়া মথাউৰিঃৰাইজৰ সুদীৰ্ঘ সময়ৰ দাবীতো নিৰ্মাণ নহ’ল শ্লুইচ গেট

ASSAM TIMES POST by ASSAM TIMES POST
June 29, 2020
Reading Time: 1 min read
A A
0
৩৪ বছৰীয়া বান সমস্যা আৰু জৰ্জৰিত বোকাখাতৰ যোগনীয়া মথাউৰিঃৰাইজৰ সুদীৰ্ঘ সময়ৰ দাবীতো নিৰ্মাণ নহ’ল শ্লুইচ গেট

0 1 e1574345654996 6 1 2 6 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

বোকাখাত: উন্নত প্ৰযুক্তিৰ সময়তো সুদীৰ্ঘ ৩৪ বছৰীয়া বান সমস্যাত জৰ্জৰিত হৈছে বোকাখাতৰ যোগনীয়া আটি, দীঘলী আটি, শিলজুৰি, কাকজুৰি, ২য় পৰঙনীয়াকে ধৰি বিস্তীৰ্ণ অঞ্চলটো। এতিয়া বানত ডুবি আছে এই অঞ্চলৰ ৩৭ হাজাৰ বিঘা মাটি। বছৰত তিনি চাৰিটাকৈ বানত ডুবি ১৯৮৬ চনৰ পৰা বিগত ৩৪ বছৰে অঞ্চলটোৰ ৰাইজে প্ৰচুৰ যন্ত্ৰণাত ভুগি হাবু ডুবু খাইছে।

যোৱা ৩৪ বছৰে স্থানীয় ৰাইজে সময়ে সময়ে এই বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে চৰকাৰৰ ওচৰত আবেদন, অনুনয় তথা দাবী কৰি আহিছে এখন শ্লুইচ গেটৰ বাবে। কিন্তু ৰাইজৰ আক্ষেপ যে কোনো এখন চৰকাৰৰ দিনত আজি পৰ্যন্ত তেওলোকৰ আবেদন-দাবী গ্ৰাহ্য কৰি শ্লুইচ গেটৰ ব্যৱস্থা কৰা নহ’ল। ১৯৮৬ চনত তদানীন্তন বিধায়ক বলোভদ্ৰ তামুলীয়ে এই গাঁও কেইখনৰ মানুহক বানৰ পৰা ৰক্ষা কৰিবৰ কাৰণে দুটা ভগা মথাউৰিৰ অংশ সংযোগ কৰি এটা চেকবান্ধ বান্ধিছিল।

কিন্তু সেই বছৰৰ বানে চেকবান্ধৰ এটা অংশ ভাগি পেলায়। তেতিয়াৰ পৰাই এই বৃহৎ অঞ্চলটোৰ জনসাধাৰণে সেই স্থানত এখন শ্লুইচ গেটৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী কৰি আহিছিল। কিন্তু তাৰ পাছৰে পৰা প্ৰতি বছৰে বানে ভাঙে, প্ৰতি বছৰে ঠিকাদাৰে মাটি পেলাই এই অংশটো পুণৰ পোতে। প্ৰয়াত বিধায়ক ভূপেন্দ্ৰ নাথ ভূঞাকে ধৰি প্ৰাক্তন বিধায়ক সকলক অনুনয় বিনয় কৰাৰ পাছতো ৰাইজৰ আবেদনৰ কোনো ধৰণৰ ফল ধৰা পৰিলক্ষিত নহ’ল।

শেহতীয়াকৈ বানে ভঙাৰ পাছত মাটি দিয়াটোকে সমাধান বুলি ভাবি অহা দেখা গ’ল। অৱশ্যে ভগা অংশৰ ওপৰেদি এখন পকী দলং হ’ল। চেকবান্ধৰ ওপৰেদি পকী পথ হ’ল। কিন্তু ১৯৮৭ চনৰ পাছৰ প্ৰতিটো নিৰ্বাচনতে বিধায়ক, সাংসদ, পঞ্চায়ত প্ৰতিনিধি সকলোৰে পৰা প্ৰতিশ্ৰুতি পোৱাৰ পাছতো এই অঞ্চলত শ্লুইচ গেটৰ বাবে কোনো প্ৰচেষ্টা হাতত লোৱা নহ’ল বুলি স্থানীয় ৰাইজৰ মাজত আপত্তি উঠিছে।

এতিয়া কেৱল বানৰ প্ৰকোপৰ পৰা জীৱন বচাবলৈ এই সমূহ গাঁৱৰ স্থানীয় ৰাইজে যোগনীয়া মথাউৰিত সাজি লোৱা টিনপাতৰ চালি আৰু বেৰ দি সাজি লোৱা অস্থায়ী বাসস্থানত মানুহ, পশুধন উভয়ে আশ্ৰয় লয়হি। এতিয়াও এই মথাউৰিত আশ্ৰয় লৈ থকা ৩৫ ঘৰৰ ওপৰৰ বানাক্ৰান্ত ৰাইজে সীমাহীন দুখ দুৰ্গতিত ভুগি থকা দেখা গৈছে। বোকাখাত মহকুমা চিকিৎসা বিভাগৰ দলে গৈ বানাক্ৰান্ত ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰিছে বুলি আৰু আজি, অৰ্থাৎ ২৯ জুনৰ পুৱা পৰ্য্যন্ত উক্ত স্থানত প্ৰশাসনৰ পৰা কোনো বান সাহায্য পোৱা নাই বুলি মথাউৰিটোত আশ্ৰয় লোৱা বানাক্ৰান্ত ৰাইজে এই প্ৰতিবেদকক জনাইছে।

তেওঁলোকৰ পশুধন সমূহো মথাউৰিৰ লেতেৰা আৰু অস্বাস্থ্যকৰ অৱস্থাত থকাৰ লগতে পৰ্য্যাপ্ত খাদ্যৰ অভাৱত আছে বুলিও তেওঁলোকে জানিবলৈ দিছে। ৰোগত পৰি মৃত্যু ঘটিছে পোহনীয়া জীৱ জন্তুৰ। বানে উটুৱাই নিলে গাঁৱৰ যথেষ্ট সংখ্যক উমনি দিয়া হাঁহৰ কণী। বহুতে আকৌ হাঁহ-কুকুৰা বানত ডুবি থকা গৃহতে সাজি লোৱা চাঙত উঠাই থৈ আহিছে। পশু চিকিৎসা বিভাগৰ দল মাঠাউৰিলৈ আহিছে আৰু পশুধনে চিকিৎসা পাইছে যদিও মানুহৰ জীৱন বচাবলৈ অধিক গুৰুত্ব দিব লগীয়া হোৱা পৰিস্থিতিত পশুধনৰ প্ৰতি ল’ব লগীয়া পৰ্যাপ্ত যতনো ল’ব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত ৰোগত পৰি পশুধনৰ মৃত্যু হৈছে বুলি দুখ প্ৰকাশ কৰে বান শৰনাৰ্থী ৰাইজে।

আজি মথাউৰিটোত ক্ষতিগ্ৰস্ত বানাক্ৰান্ত সকলক লগ ধৰি তেওঁলোকৰ দুখ দুৰ্গতিৰ বুজ ল’বলৈ যাওঁতে তেওঁলোকে এই প্ৰতিবেদকৰ আগত নিজকে ৰিফিউজী নহয় বুলি উল্লেখ কৰি কয় যে এককালীন বান সাহায্যৰে নহয়, শ্লুইচ গেট স্থাপনেৰে এই অঞ্চলৰ বান সমস্যাৰ স্থায়ী সমাধান বিচাৰিছে তেওঁলোকে। লগতে মথাউৰিত গজি উঠা হাবি বন আনকালে চৰকাৰৰ প্ৰচেষ্টাত কাটি চাফা কৰা হয়। কিন্তু এই বেলিকা হাবি বন চাফা নকৰাত তেনেদৰেই থকাৰ বাবে কেনেবাকৈ মথাউৰিটোৰ ক’ৰবাত অকমানো ফাঁট মেলি পানী বিৰিঙিলেও কোনেও দেখা নাপাব বুলিও বানাক্ৰান্ত ৰাইজে অভিযোগ কৰিছে।

কিয়নো অঞ্চলটোৰ একমাত্ৰ আশ্ৰয়স্থল মথাউৰিটো কেনেবাকৈ চিঙিব লাগিলে সমগ্ৰ যোগনীয়া অঞ্চলৰ লগতে নিকতবৰ্তী বৃহত্তৰ ৰজাবাৰী অঞ্চললৈকো পানী সোমাই বিস্তৰ ক্ষতি সাধন কৰাৰ সম্ভাৱনা আহি পৰিব। সেয়েহে এই বান সমস্যাৰ স্থায়ী সমাধান সন্দৰ্ভত, বিশেষকৈ বৰ্তমান বোকাখাতৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কৃষি আৰু পশুপালন আদি বিভাগৰ মন্ত্ৰী অতুল বৰা অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ বিভাগত থকা এগৰাকী কেবিনেট মন্ত্ৰী হোৱাত এই চৰকাৰৰ প্ৰচেষ্টাতে শ্লুইচ গেটখনৰ ব্যৱস্থাৰে যোগনীয়া অঞ্চলৰ বানপানী সমস্যাৰ স্থায়ী সমাধান ঘটিব বুলি ৰাইজে আশা কৰিছে।

Tags: Featured2
Share4Tweet3Send

Related Posts

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

by News Desk
June 30, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
ADVERTISEMENT
Gunfire at Kashi Vishwanath Temple : কাশী বিশ্বনাথ মন্দিৰত জোৱানৰ বন্দুকৰ পৰা ওলাল গুলী, আহত ৩
National-International

Gunfire at Kashi Vishwanath Temple : কাশী বিশ্বনাথ মন্দিৰত জোৱানৰ বন্দুকৰ পৰা ওলাল গুলী, আহত ৩

July 4, 2026
50
Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ
National-International

Woman killed husband I স্বামীক হত্যা কৰি মজিয়াত পুতি থৈ ওপৰত লগালে টাইলছ, ৪৫ দিনৰ পিছত উদ্ধাৰ মৃতদেহ

July 4, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

July 4, 2026
50
Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ
National-International

Opposition Letter to CJI I পক্ষপাতমূলক কাৰ্যকলাপৰ পৰা গণতন্ত্ৰক ৰক্ষা কৰাৰ আহ্বানেৰে মুখ্য ন্যায়াধীশলৈ বিৰোধীৰ পত্ৰ

July 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Gunfire at Kashi Vishwanath Temple : কাশী বিশ্বনাথ মন্দিৰত জোৱানৰ বন্দুকৰ পৰা ওলাল গুলী, আহত ৩

Gunfire at Kashi Vishwanath Temple : কাশী বিশ্বনাথ মন্দিৰত জোৱানৰ বন্দুকৰ পৰা ওলাল গুলী, আহত ৩

July 4, 2026
Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ

Woman killed husband I স্বামীক হত্যা কৰি মজিয়াত পুতি থৈ ওপৰত লগালে টাইলছ, ৪৫ দিনৰ পিছত উদ্ধাৰ মৃতদেহ

July 4, 2026
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

July 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx