ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত: বোকাখাত আৰু কাজিৰঙাত স্থাপন কৰা ১৩ টা কোৱাৰেন্টীন চেন্টাৰৰ আজি অহা কভিভ১৯ ৰ পৰীক্ষাৰ ফলাফলত আজি বোকাখাতৰ চি এন বি কলেজৰ ১০ জন, কাজিৰঙা বনশ্ৰী লজত ২ জন আৰু ৰঙামাটিৰ হোম কোৱাৰন্টীন কেন্দ্ৰত থকা এজনৰ দেহত কভিভ১৯ পজিটিভ পোৱা গৈছে।
কিছু দিন বোকাখাতত পজিটিভ ওলোৱা নাছিল যদিও আজি১৩ জনকৈ ব্যক্তিৰ এই সংখ্যাই চিন্তিত কৰি তুলিছে বোকাখাতৰ সাধাৰণ মানুহক। এতিয়াও ৭০ টাকৈ ফলাফল আহিবলৈ বাকী আছে।
আজি কোৱাৰেন্টীন চেন্টাৰত থকা লোকৰ ভিতৰত বনশ্রী ল’জত ২ জন, অৰণ্যত ৮ জন’ জে.ডি.এচ.জি কলেজ ওমেন হোস্টেলত ৫ জন, হিন্দী হাইস্কুলত ১৮ জন আৰু চি এন বি ১৪ জন লােকক ৰখা হৈছে। ইফালে হ ম কোৱাৰেটীনৰ সময়ত পৰিয়ালৰ লোক সকলৰ নিৰাপত্তাৰ বাবে একাংশ লােকক বােকাখাতৰ বিভিন্ন বিদ্যালয়ত ৰখা হৈছে।













