ASSAM TIMES POST
অজন্তা তালুকদাৰ
বোকাখাত : সমগ্ৰ ৰাজ্যৰ লগতে বোকাখাত মহকুমাৰ বিভিন্ন অঞ্চলত বান বিধ্বস্ত লোকসকলে বৰ্তমান আশ্ৰয় লৈ আছে ওখ ঠাই, কাষৰীয়া গাঁও নাইবা মথাউৰিত। বোকাখাতৰ যোগনীয়া বৃহত্তৰ অঞ্চলৰ বানাক্ৰান্ত সকলো বৰ্তমান যোগনীয়া মথাউৰিত মানুহ, পশুধন একেলগে আশ্ৰয় লৈ আছে। এনে বিপদৰ সময়ত প্ৰতিবাৰৰ দৰে এইবাৰো এইসকল ৰাইজৰ দুখ-দুৰ্গতি দূৰ কৰিবলৈ প্ৰচেষ্টা আগবঢ়াইছে বোকাখাতৰ যুৱ সমাজকৰ্মী জিতু শইকীয়াই।

এই সময়ত বোকাখাতৰ যোগনীয়া মথাউৰিত আশ্ৰয় লৈ থকা ৩৫ৰো অধিক বানাক্ৰান্ত পৰিয়ালৰ বাবে শইকীয়াই অতি প্ৰয়োজনীয় ফেনাইল, মহ খেদা ধূপ, মম, বিস্কুট, মহিলাসকলৰ বাবে চিনেটেৰী নেপকিন আদি সোমবাৰে যোগনীয়াৰ বানাক্ৰান্ত ৰাইজৰ মাজত বিতৰণ কৰে ৷ ক্ৰমে হীৰা গগৈ, বিজু দাস, বিপুল দাস, পৰমা নন্দা, আকাশ তাঁতী আদি ভালেসংখ্যক স্থানীয় সমাজকৰ্মীয়ে শইকীয়াৰ এই প্ৰচেষ্টাত সহযোগ কৰে।

উল্লেখ্য যে, কুৰুৱাবাহীৰ যোগনীয়া মথাউৰিৰ ওপৰত আশ্ৰয় লৈ থকা পৰিয়ালকেইটাক প্ৰথমবাৰৰ সাহায্য দিলে শইকীয়াই। শইকীয়াৰ প্ৰচেষ্টাৰ শলাগ লৈছে ৰাইজে।













