ASSAM TIMES POST
অজন্তা তালুকদাৰ
বোকাখাত: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা অতি গুৰুত্বপূৰ্ণ এনিমেল কৰিডৰ হ’ল পানবাৰী এনিমেল কৰিডৰ ৷ বানপানীৰ সময়ত এই এনিমেল কৰিডৰেদি কাজিৰঙাৰ বন্যপ্ৰাণীয়ে দক্ষিন দিশৰ কাৰ্বি আংলংৰ পাহাৰলৈ গতি কৰে ৷ শেষকতীয়া বানতো কাজিৰঙা সহস্ৰাধিক বন্যপ্ৰাণীয়ে পানবাৰীৰ কৰিডৰেদিয়েই কাৰ্বি পাহাৰলৈ যাত্ৰা কৰিছে ৷
গুৰুত্বপূৰ্ণ এই কৰিডৰটোৰে যোৱা ৩৭ৰাষ্ট্ৰীয় পথেৰে দিনৌ সহস্ৰাধিক বাহনে উজনি আৰু নামনিলৈ গতি কৰে ৷ এই যান-বাহৰ একাংশই পেলায় যোৱা প্লাষ্টিকৰ বটল, চিপৰ পেকেট, গুটকাকে ধৰি বিভিন্ন সামগ্ৰি পেলায় ।

ইতিমধ্যেই এই কৰিডৰটো প্ৰদূষিত কৰিছে ৷ আজি পুৱা বোকাখাতৰ জেডিএছজি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সমাজ সেৱা বাহিনীৰ এটা দলে এনিমেল কৰিডৰটোৰ এই আৱৰ্জনা বোৰ আঁতৰাই কৰিডৰটো পৰিস্কাৰ কৰে ৷ এই উপলক্ষে পানবাৰীত থকা খণ্ড বন শিৱিৰৰ সমীপতে আয়োজিত এই ৰিশেষ অনুষ্ঠানত উপস্থিত থাকি কাজিৰঙা ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে আনুষ্ঠানিকভাৱে আজিৰ এই পুৰস্কাৰ অভিযানৰ শুভাৰম্ভ কৰে ৷
কাজিৰঙাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াই আঁত ধৰা এই অনুষ্ঠানত ৰাষ্ট্ৰীয় উদ্যানখনৰ গৱেষণা বিষয়া ৰবান্দ্ৰ শৰ্মা, বনাঞ্চলিক বিষয়া দিপাংকৰ দেৱ, প্ৰকৃতিবিদ বিতোপন কলঙৰ লগতে জেডিএছজি মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ প্ৰৱক্তা প্ৰাশান্ত শইকীয়া উপস্থিত থাকে ৷ অনুষ্ঠানত ডি এফ অ’ ৰমেশ কুমাৰ গগৈ আৰু ৰবীন্দ্ৰ শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলক কাজিৰঙাৰ পানবাৰী এনিমেল কৰিডৰৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ ওপৰত বিস্তৃত্ব বিৱৰণ দাঙি ধৰে ৷
উদ্বোধনৰ পাচতেই ছাত্ৰ-ছাত্ৰীসকলে মাক্স আৰু হাতমোজা পৰিধান কৰি এনিমেল কৰিডৰটোৰ ৩৭নং ৰাষ্ট্ৰীয় পথাংশৰ দুয়ো কাষৰ আৱৰ্জনা পৰিস্কাৰ কৰে ৷













