ASSAM TIMES POST
দেশত ক’ৰোনা ভাইৰাছ সংক্ৰমণ চলি আছে৷ ইয়াৰ মাজতে অহা অক্টোবৰ–নৱেম্বৰ মাহত বিহাৰ বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব৷ এনে সময়তে নিৰ্বাচন আয়োগে সিদ্ধান্ত লৈছে যে ক’ভিডত আক্ৰান্ত হ’লে বা ভোটাৰৰ বয়স ৬৫ বছৰৰ বেছি হ’লে প’ষ্টেল বেলটত ভোট দিব পাৰিব৷ কোৱাৰেণ্টাইনত থাকিলেও এই সুবিধা পাব৷
অৰ্থাৎ ভোট দিবৰ বাবে ভোট গ্ৰহণ কেন্দ্ৰলৈ যাব নালাগে৷ যিহেতু চিকিৎসকে বাৰম্বাৰ জনাইছে যে ৬৫ বছৰৰ বেছি বয়সীয়া লোকৰ ক’ভিড সংক্ৰমণ হোৱাৰ সম্ভাৱনা বেছি৷ অন্তঃসত্ত্বা, অন্য অসুখত আক্রান্ত হোৱা সকলৰ বাবে চিন্তা আছে৷ সেইসকল ঘৰতে থাকিবলৈ আবেদন জনাইছে চিকিৎসকে৷ এইবাৰ এই প্ৰৱীণসকলৰ কথা ভাবি বিহাৰৰ নিৰ্বাচনত প’ষ্টেল বেলটৰ সিদ্ধান্ত লয় নিৰ্বাচন আয়োগে৷











