ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ:
ক’ৰোনা আতংকৰ বাবে বন্ধ হৈ আছে বিশ্ব খেল জগত।সাধাৰণ জনতাৰ দৰে খেলোৱৈ সকলো ক’ৰোনা ভাইৰাছৰ বাবে আৱদ্ধ হৈ থাকিব লগা হৈছে নিজৰ ঘৰখনত।অন্য সময়ত খেল আৰু অনুশীলনত ব্যস্ত থকা খেলুৱৈ সকলে সময় অতিবাহিত কৰিছে পৰিয়ালৰ সৈতে।
গোলাঘাট জীয়ৰী তথা অসম কন্যা আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বক্সাৰ লাভলীনা বৰগোঁহাইয়ো খেল এৰি এতিয়া ব্যস্ত কৃষিত।পিতৃক পথাৰত গৈ ভূঁইৰোৱা কাৰ্যত সহায় কৰিছে বক্সাৰ গৰাকীয়ে।লাভলীনাই পথাৰত হৈ ভূঁই ৰোৱা ফটো ইতিমধ্যে ভাইৰেল হৈছে ছচিয়েল মাধ্যমত ।
ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই কৃষিকৰ্মত জড়িত থকা লাভলীনা ফটোখন সামাজিক মাধ্যমত শ্বেয়াৰ কৰি উল্লেখ কৰিছে এইদৰে- পুৰুষ সমানেই খোজ দিবলৈ সক্ষম হৈছে আজি নাৰী শক্তি।খেতিপথাৰৰ পৰা আৰম্ভ হব লাগে নাৰী সৱলীকৰণৰ নীৰৱ যাত্ৰা”।“লাভলীনা প্ৰতিগৰাকী নাৰী তথা যুৱ প্ৰজন্মৰ বাবে আদৰ্শ”-মন্ত্ৰী বৰাই উল্লেখ কৰিছে।













