ASSAM TIMES POST
৩০ আগষ্টৰ ভিতৰত উপলব্ধ হ’ব কৰোনাৰ ভেকচিন। দুমাহ সংগ্ৰাম কৰিব পাৰিলেই দুশ্চিন্তাৰ পৰিব অন্ত। কামৰূপ জিলাৰ আমিনগাৱত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা । এই দুমাহ ৰাজ্যবাসীক সতৰ্ক থাকিবলৈ আহ্বান স্বাস্থ্য মন্ত্ৰীগৰাকীৰ । আমিনগাঁৱত উত্তৰ গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত লকডাউন ঘোষণা কৰাৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ । কৰোনাৰ গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জিলা উপায়ুক্তসকলক স্হান ভেদে লকডাউন প্ৰদানৰ নিৰ্দেশ চৰকাৰৰ । কামৰূপ জিলাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৌন্দৰ্য্য বৰ্ধনৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা ।
গছপুলি ৰোপন কৰি নষ্টালজিক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এজাৰ ফুলৰ পুলি ৰোপন কৰি মন্ত্ৰী গৰাকীয়ে ক’লে এজাৰৰ সৌন্দৰ্য্যই সদায়ে তেখতক হাতবাউলি মাতে । কৰোনাৰ ব্যস্ততাৰ মাজতে আলংকাৰিক গছেৰে ৰাষ্ট্ৰীয় ঘাইপথৰ সৌন্দৰ্য্য বৰ্ধনৰ প্ৰচেষ্টা মন্ত্ৰীগৰাকীৰ। এজাৰৰ সৌন্দৰ্য্যক লৈ শিল্পীৰ অমৰ সৃষ্টিৰো ৰোমন্থন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।
ইফালে, পোন্ধৰ মিনিটত কৰিব পৰা কভিড ১৯ পৰীক্ষা কীট ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে উপলব্ধ হ’ব বুলিও সদৰি কৰে মন্ত্ৰীগৰাকীয়ে।











