
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ ক’ৰোনা মুক্ত হৈছে ৬৯০ গৰাকী। বৰ্তমানলৈ অসমত ক’ৰোনা সুস্থৰ সংখ্যা মুঠ ৭৪৩৩ গৰাকীলৈ বৃদ্ধি।ক’ৰোনা সুস্থৰ সংখ্যা বৃদ্ধি হোৱাত উৎফুল্লিত হৈ পৰিছে স্বাস্থ্যমন্ত্ৰী গৰাকী।টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ সৈতে ৰাজ্যত সক্ৰিয় ৰোগী সংখ্যা হৈছে ৩৫৫১ গৰাকী আৰু ইয়াৰ বিপৰীতে মৃত্যু হৈছে ১৪ গৰাকীৰ।













