![]()
ষ্টাফ ৰিপ’ৰ্টাৰ,নগাঁও:
কংগ্ৰেছৰ ইয়ং বিগ্ৰেড সেৱা দলৰ এখন কৰ্মীসভা আজি নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনত অনুষ্ঠিত হয়। ইয়ং বিগ্ৰেডৰ জিলা সভাপতি দিব্যজ্যোতি বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, গৌতম বৰা , বিধায়ক ইলিয়াছ আলি, নুৰুল হুদা, প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাৰ লগতে ইয়ং বিগ্ৰেডৰ ৰাজ্যিক সভাপতি দ্বীপ বায়নকে ধৰি ভালে কেইগৰাকী জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।
ইয়ং বিগ্ৰেডৰ শতাধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰা সভাৰ আৰম্ভণিতে ভাৰত-চীন সীমান্তৰ লাডাখত নিহত ভাৰতৰ ২০ গৰাকী বীৰ শ্বহীদ জোৱানৰ প্ৰতিচ্ছবিত কংগ্ৰেছৰ নেতা-কৰ্মী সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়ং বিগ্ৰেডৰ ৰাজ্যিক সভাপতি দ্বীপ বায়নে সভাত কয় যে কেন্দ্ৰ আৰু ৰাজ্যত বৰ্তমান ঘৃণাৰ ৰাজনীতি চলিছে। বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত দীৰ্ঘদিন ধৰি বৰ্তি থকা সাতামপুৰুষীয়া ঐক্য-সংহতিৰ মাজত ঘুণে ধৰিছে।
তেওঁ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ কংগ্ৰেছৰ হাত মজবুত কৰিবলৈ আহ্বান জনায়।সভাত প্ৰাক্তন মন্ত্ৰী তথা বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনে বিজেপিয়ে প্ৰলোভনৰ ৰাজনীতি কৰা বুলি অভিযোগ কৰি শাসকীয় দলটোৱে যোৱা নিৰ্বাচনৰ পূৰ্বে ৰাইজক দিয়া কোনো এটা প্ৰতিশ্ৰুতিয়েই পুৰণ নকৰিলে বুলি মন্তব্য কৰে।
আনহাতে টোলগেটত কৰ সংগ্ৰহ কৰিবলৈকে অখিল গগৈক চৰকাৰে আৱদ্ধ কৰি ৰখা বুলি মন্তব্য কৰি তেওঁ নতুন উদ্যোগ নীতিৰ অধ্যাদেশৰ বিৰুদ্ধেও সৰৱ হৈ পৰে। সভাত বিধায়ক নুৰুল হুদাই কংগ্ৰেছক এটা ইতিহাস প্ৰসিদ্ধ দল বুলি উল্লেখ কৰি কংগ্ৰেছে নতুন ৰূপত আত্মপ্ৰকাশ কৰিব বুলিও মন্তব্য কৰে।
সভাত প্ৰাক্তন বিধায়ক ডাঃ দুৰ্ল্লভ চমুৱাই ভাষণ দিয়ে। উল্লেখ্য যে ৰাজ্যৰ আন স্হানৰ লগতে নগাঁৱতো কৰ’না ভাইৰাছে গন সংক্ৰমণৰ ৰূপ ধাৰণ কৰাৰ সময়ত আজিৰ কংগ্ৰেছৰ সভাখনত একাংশ নেতা-কৰ্মীয়ে সামাজিক দূৰত্বৰ দিশটোক আওকাণ কৰাৰ অভিযোগ উঠিছে ।













