![]()
অজন্তা তালুকদাৰ:
বোকাখাত : “শিক্ষা সিদ্ধ কৰিবলৈ তিনিটা উধানৰ প্ৰয়োজন। সেইকেইটা হ’ল ছাত্ৰ, শিক্ষক আৰু অভিভাৱক। সেই তিনিটা উধানৰ ওপৰত শিক্ষাৰ পকৰণ পাত্ৰ বহুৱাই সিদ্ধ কৰিয়েই সম্পূৰ্ণ কৰা হয় শিক্ষা। কিন্তু শিক্ষা নামৰ বৃহৎ পাত্ৰটো ধৰি ৰাখিবলৈ প্ৰতিটো উধানেই হ’ব লাগিব সমান শক্তিশালী।” এই মন্তব্য প্ৰাক্তন শিক্ষয়িত্ৰী, ৰজাবাৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি, বোকাখাত জিলা পৰিষদৰ প্ৰাক্তন সদস্যা হেমকুমাৰী দাসৰ। যোৱা ৭ জুলাইত ৰজাবাৰী গাঁও পঞ্চায়তৰ সভাগৃহত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অৰ্দ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনাবলৈ পঞ্চায়তে আয়োজন কৰা অনুষ্ঠানত এইদৰে কয় দাসে।

সচিব ৰঞ্জিত বৰাই উদ্দেশ্য ব্যাখ্যা কৰা আৰু পঞ্চায়তৰ সভাপতি মামণি গাজলুৱে সভাপতিত্ব কৰা ভাষণ দি জ্যেষ্ঠ সাংবাদিক বুবুল দত্তই মনত উদয় হোৱা প্ৰতিটো প্ৰশ্নৰ উত্তৰ বিচৰাৰ সঠিক উপায় নিৰ্ণয় কৰিব পাৰিলেই শিক্ষাৰ্থীয়ে প্ৰয়োজনীয় অৰ্হতা লাভ কৰিব পাৰিব বুলি কয়। দত্তই লগতে কয় “অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক সোধা প্ৰতি প্ৰশ্নৰ উত্তৰ শ্ৰীকৃষ্ণই সঠিকভাৱে দিয়াৰ চেষ্টা কৰিছিল।

তাৰবাবে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ ‘গীতা’ৰ সৃষ্টি হৈছিল।” সামাজিক ব্যৱধান অক্ষুণ্ণ ৰাখি অনুষ্ঠিত সভাত কুৰুৱাবাহী সমবায় সমিতিৰ সভাপতি বিপুল দাস, প্ৰাক্তন পঞ্চায়ত সভাপতি সীমান্ত শইকীয়াই শৈক্ষিক দিশত বক্তব্য প্ৰদান কৰে। সমাজকৰ্মী মিতালি দত্ত শইকীয়া, ৰাজু দাস, পঞ্চায়তৰ আঞ্চলিক সদস্যা জুলি শইকীয়া উপস্থিত থকা সভাত সভাপতি মামণি গাজলুৱে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা আমাৰ সমাজৰ ভৱিষ্যতসকলক সমাজৰ প্ৰতিও দায়বদ্ধ হ’বলৈ আহ্বান জনায়। আনহাতে, একে উদ্দেশ্যৰে লখৌজান নাট্য মন্দিৰতো ৰজাবাৰী গাওঁ পঞ্চায়তৰ উদ্যোগত অনুস্থিত অভিনন্দন সভাত ছাত্ৰ ছাত্ৰীসকলক একোখনিকৈ ফুলাম গামোচা, প্ৰশংসা পত্ৰৰ লগতে বহী, কলম আদি শৈক্ষিক সামগ্ৰীৰ একোটিকৈ টোপোলাৰে সম্বৰ্দ্ধনা জনোৱা হয়।













