![]()
ষ্টাফ ৰিপ’ৰ্টাৰ,নগাঁও :
কোভিড-১৯ৰ ভয়াবহতাৰ মাজত স্বাস্থ্য বিধি উলংঘা কৰি প্ৰসিদ্ধ ধৰ্মীয় নেতা মৌলানা মুফতি খাইৰুল ইছলামৰ জানাজাত অংশগ্ৰহণ কৰাৰ অভিযোগত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে নগাঁও জিলা প্ৰশাসনে গোচৰ তৰা কাৰ্যত অসন্তুষ্ট হৈ পৰিছে যুৱ কংগ্ৰেছী।
সেয়ে নগাঁও জিলা প্ৰশাসনৰ বিৰুদ্ধে এইবাৰ ওলোটাই গোচৰ তৰিলে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মৃণাল কুমাৰ হাজৰিকাই। যুৱ কংগ্ৰেছী মৃণাল হাজৰিকাই অভিযোগ কৰা মতে, মৌলানা খাইৰুল ইছলামৰ জানাজাত জনসমাগম নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা নগাঁও জিলা প্ৰশাসনে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে গোচৰ তৰি দায় সাৰিব বিচাৰিছে। সেয়ে কৰ’না ভাইৰাছৰ সংকটপূৰ্ণ মুহুৰ্তত জনসমাগম নিয়ন্ত্ৰণ কৰি নোৱাৰা নগাঁও জিলা প্ৰশাসনৰ বিৰুদ্ধে তেওঁ গোচৰ তৰে।
আজি নগাঁও সদৰ থানাত জিলা প্ৰশাসনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য প্ৰকাশ কৰে মৃনাল কুমাৰ হাজৰিকাই । উল্লেখ্য যে, কালি ধিং ৰাজহ চক্ৰ বিষয়াই জুৰীয়া আৰক্ষী থানাত সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ২৬৯/২৭০ আৰু দুৰ্যোগ প্ৰশমন আইনৰ ৫১ (বি) ধাৰাত ২৬৩/২০ আৰু ২৬৪/২০ নম্বৰত দুটা গোচৰ ৰুজু কৰিছিল।
ইয়াৰ পিছতে আজি যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে নগাঁও জিলা প্ৰশাসনক পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি গোচৰ তৰা কাৰ্যই বিশেষ তাৎপৰ্য্য বহন কৰিছে।













