
অজন্তা তালুকদাৰ
বোকাখাত : সম্প্ৰতি বোকাখাত মহকুমাত জাৰি হৈ আছে ১৪৪ ধাৰা। কভিড-১৯ ৰ আগ্ৰাসনৰ প্ৰতি লক্ষ্য ৰাখি মহকুমাটোত শান্তি শৃংখলা অটুত ৰাখিবলৈ বোকাখাতৰ মহকুমা দণ্ডাধীশ তথা মহকুমাধিপতি বিবেক শ্যামে মহকুমাটোত অনাগত সময়ত আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ বোল ব’ম উৎসৱ পালনত নিষেধাজ্ঞা জাৰি কৰিছে আৰু পুণৰ জাননি নিদিয়া পৰ্যন্ত এই নিৰ্দেশ বলৱৎ থাকিব।
আজি বিবেক শ্যাম স্বাক্ষৰিত বি এম জে ৬/২০১৮/২৯৮ নং নিৰ্দেশনা যোগে মহকুমাধিপতি গৰাকীয়ে ভাৰতীয় সংবিধানৰ ১৪৪ দণ্ডবিধি ধাৰামতে মহকুমাটোৰ ৰাইজক ব’ল ব’ম উৎসৱৰ কাৰ্যসূচীৰ পৰা বিৰত থাকিবলৈ জনাইছে। লগতে উক্ত নিৰ্দেশ অমান্য কৰা ব্যক্তিৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও নিৰ্দেশনা খনত উল্লেখ কৰিছে।













