
অজন্তা তালুকদাৰ
বোকাখাত : শৈশৱত পোৱা সংস্কাৰে এটি শিশুৰ ভৱিষ্যত সংস্কাৰী কৰি তোলে; যি সংস্কাৰ হয় জীৱন যাত্ৰাৰ প্ৰেৰণা আৰু শক্তি। তেনে আদৰ্শ লৈয়েই শিশু শিক্ষা সমিতি, অসমে বিদ্যা ভাৰতীৰ শিক্ষা ব্যৱস্থাৰ আধাৰত প্ৰতিষ্ঠা কৰিছিল শংকৰদেৱ শিশু বিদ্যা নিকেতন।
বোকাখাত শংকৰদেৱ শিশু বিদ্যা নিকেতনত অধ্যয়ন কৰি যোৱা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ মঞ্চ ‘প্ৰাক্তন ছাত্ৰ ভাৰতী’-এ যোৱা ৮ জুলাই তাৰিখে এক কাৰ্যসূচী ৰূপায়ণ কৰে। সাম্প্ৰতিক বান পৰিস্থিতিত সংকটৰ সন্মুখীন হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ জন্তুৰ সুৰক্ষাৰ দায়িত্বত অহৰ্নিশে কৰ্তব্য পালন কৰি থকা বন বিভাগ আৰু অসম সুৰক্ষা কৰ্মীসকলক নিকেতনখনৰ প্ৰাক্তন ছাত্ৰ ভাৰতীৰ তৰফৰ পৰা খাদ্য সামগ্ৰী বিতৰণ কৰা হয়।

বোকাখাতৰ পৰা বুঢ়াপাহাৰলৈকে কৰ্তব্য কৰি থকা প্ৰায় ১৫০ জন কৰ্মীক এই সামগ্ৰীসমূহ বিতৰণ কৰা হয়। ছাত্ৰ ভাৰতীৰ কেইবাগৰাকী বিষয়ববীয়া আৰু সদস্যৰ উপস্থিতত নৈশভাগত কৰ্তব্য পালন কৰা সুৰক্ষা কৰ্মীসকলৰ লগত ভাৱ বিনিময় কৰাৰ ওপৰিও তেখেতসকলৰ কৰ্তব্য পালনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে প্ৰাক্তন ছাত্ৰ ভাৰতীৰ দলটোৱে। লগতে দলটোৱে পাণবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ গৈ কেন্দ্ৰৰ তদাৰকত থকা গড় পোৱালীলৈ পুষ্টিকৰ খাদ্য আগবঢ়ায়।
সভাপতি চক্ৰপাণী কলিতা আৰু সম্পাদক হিমাংশু বৰাৰ নেতৃত্বত যোৱা প্ৰাক্তন ছাত্ৰ ভাৰতীৰ দলটোৱে পানী, ফ্ৰুটি, কণী, ব্ৰেড, বাটাৰ, বিস্কুটকে আদি কৰি খাদ্য সামগ্ৰীৰ লগতে একোটিকৈ চেনিটাইজাৰ প্ৰদান কৰে সুৰক্ষা কৰ্মীসকলক। উল্লেখ্য যে বান সাহায্য কাৰ্যসূচীত আন ব্যক্তি, সংগঠনৰ পৰা কোনো ধৰণৰ চান্দা বৰঙনিৰ সহায় নোলোৱাকৈ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে কেৱল নিজাববীয়াকৈ সংগ্ৰহ কৰা অৰ্থ আৰু সামগ্ৰী সাহায্যৰে এই কাৰ্যসূচী ৰূপায়ণ কৰিছিল। সভাপতি, সম্পাদকৰ লগতে এই বান সাহায্য কাৰ্যসূচীত সহায়ৰ হাত আগবঢ়ালে প্ৰাক্তন ছাত্ৰ ভাৰতীৰ বোকাখাতৰ বিষয়ববীয়া আৰু সদস্যসকলে।













