![]()
ষ্টাফ ৰিপ’ৰ্টাৰ,নগাঁও:
বন্ধুৰ সৈতে ঘৰৰ পৰা ফুৰিবলৈ যোৱা এগৰাকী কিশোৰীয়ে ৰহস্যজনক ভাৱে মৃত্যুক সাৱতি লোৱা এক ঘটনাক কেন্দ্ৰ কৰি নগাঁও চহৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । নগাঁৱৰ ফৌজদাৰীপট্টি অঞ্চলৰ স্নেহা নামৰ এগৰাকী নৱম মান শ্ৰেণীৰ ছাত্ৰী কালি দিনৰ প্ৰায় ৩ বজাত ঘৰৰ ওচৰৰে এগৰাকী বান্ধৱীৰ সৈতে ফুৰিবলৈ ওলাই আহিছিল ।
জানিব পৰা মতে, মানস বৰা, ক্ষীৰোদ কমল বৈশ্য আৰু টিকু সিং নামৰ তিনিজন যুৱকৰ সৈতে এখন ছুইফট গাড়ীত ফুৰিবলৈ গৈছিল স্নেহা। কিন্তু নিশা প্ৰায় ৯ বজাত দুজন যুৱকে মুমুৰ্ষ অৱস্থাত স্নেহাক ঘৰৰ পদূলিত পেলাই থৈ যায়। পাচত পৰিয়ালৰ লোকে স্নেহাক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
আনহাতে স্নেহাৰ এগৰাকী বান্ধৱীক নগাঁও চহৰৰ নিকটৱর্তী মাহৰআটিৰ পৰা সংজ্ঞাহীন অৱস্থাত ৰাইজে উদ্ধাৰ কৰে । চিকিৎসকে সন্দেহ কৰা মতে অধিক পৰিমাণৰ ড্ৰাগছ সেৱন কৰাৰ ফলতে কিশোৰী গৰাকীৰ মৃত্যু হয় । নগাঁৱৰ এখন ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী স্নেহা ড্ৰাগছ আসক্ত হোৱাৰ বিষয়টোত আৰক্ষীয়েও সন্দেহ প্ৰকাশ কৰিছে।
ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। স্নেহাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত আজি পৰিয়ালক চমজাই দিয়া হয়। উল্লেখ্য যে ড্ৰাগছৰ কৰাল গ্ৰাসত পৰি নগাঁৱৰ যুৱ প্ৰজন্মৰ একাংশ তিল তিলকৈ ধ্বংসৰ মুখলৈ গতি কৰাৰ বাতৰি সময়ে প্ৰকাশ পাই আহিছে । আনহাতে স্নেহাৰ বান্ধৱীগৰাকীকো চিকিৎসালয়ত ভৰ্তি কৰা হয় আৰু তেওঁ বৰ্তমান বিপদমুক্ত বুলি জানিব পৰা গৈছে ।
ইপিনে এই ঘটনাৰ পিছতে আৰক্ষীয়ে ক্ষিপ্ৰতাৰে অভিযান চলাই মানস বৰা আৰু ক্ষীৰোদ কমল বৈশ্যক গ্ৰেপ্তাৰ কৰে। এই দুই যুৱকৰ স্বীকাৰোক্তিৰ ভিত্তিত নগাঁও আৰক্ষীয়ে নগাঁৱৰ দাঁতিকাষৰীয়া চিলঙনী অঞ্চলত ড্ৰাগছ ব্যৱসায়ী নুৰ মহম্মদৰ ঘৰত অভিযান চলাই কিছু ব্ৰাউন ছুগাৰ আৰু নগদ ৩৮ হাজাৰ টকা জব্দ কৰে। আৰক্ষীয়ে ড্ৰাগছৰ ব্যৱসায় চলোৱা নুৰ মহম্মদ আৰু পত্নী জাইৰুণ নেছাক গ্ৰেপ্তাৰ কৰে।
ইপিনে আজি বিয়লি আৰক্ষীৰ অভিযানত টিকু সিং নামৰ তৃতীয়জন অভিযুক্তকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি নগাঁও সদৰ আৰক্ষী থানাত অভিযুক্ত কেইজনক আৰক্ষীয়ে মাৰাথান জেৰা অব্যাহত ৰাখিছে। ড্ৰাগছৰ বাবেই এগৰাকী ফুলকুমলীয়া কিশোৰীয়ে মৃত্যুক সাৱতি লোৱা ঘটনাক সহজভাৱে ল’ব পৰা নাই নগাঁৱৰ সচেতন ৰাইজে ।













