![]()
ষ্টাফ ৰিপ’ৰ্টাৰ,নগাঁও:
নগাঁও জিলাত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা দিনক দিনে অতি উদ্বেগজনক ভাৱে বৃদ্ধি পোৱাত চিন্তিত হৈ পৰিছে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগ। শেহতীয়াকৈ জিলাখনত প্ৰতিদিনে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাব ধৰিছে ।
কালি সন্ধিয়া আৰু আজি বিয়লিৰ ভিতৰত জিলা খনত নতুনকৈ ৪০জন লোক ক’ৰোনাত আক্ৰান্ত হোৱাটো স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে। ইয়াৰে ২২ জন আজি আৰু ১৮ জন লোক কালি সন্ধিয়া আক্ৰান্ত হৈছে বুলি জিলা স্বাস্থ্য বিভাগে সদৰী কৰিছে। ইয়াকে লৈ জিলাখনত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৯৩৬ জনলৈ বৃদ্ধি পালে।
জিলা খনত কোনো ধৰণৰ ভ্ৰমণ বৃত্তান্ত নথকা প্ৰায় ৪০ জন লোক ক’ৰোনাত আক্ৰান্ত হোৱাৰ খবৰে জিলাবাসীক চিন্তিত কৰি তুলিছে। এনেদৰে ভ্ৰমণ বৃত্তান্ত নথকা ইজনৰ পিছত সিজনকৈ লোক কোভিড -১৯ত আক্ৰান্ত হোৱাত জিলা খনত সামূহিক সংক্ৰমণৰ আশংকা কৰিছে নগাঁও জিলা বাসীয়ে।
ইপিনে আজি কৰ’নাত আক্ৰান্ত হৈ সুস্থ হোৱা ২৫ গৰাকী লোকক ঘৰলৈ যাবলৈ স্বাস্থ্য বিভাগে অনুমতি প্ৰদান কৰিছে। ইয়াকে লৈ জিলাখনত কভিড-১৯ পজিটিভত আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ সংখ্যা ৬১০ জনলৈ বৃদ্ধি পালে।
আজি দিনটোত নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হস্পিতালত ১০৬ গৰাকী, উজৰা গাওঁ আদৰ্শ চিকিৎসালয়ত ৩০ গৰাকী, মোৱামাৰী আদৰ্শ চিকিৎসালয়ত ২২ গৰাকী, কন্দলি আদৰ্শ প্ৰাথমিক চিকিৎসালয়ত ৪৫ গৰাকী আৰু চিমনাবস্তি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৬৪ গৰাকী লোক ক’ৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।













