![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
চিলাপথাৰত আজি পুৱতি নিশা নৈশ পাৰ্টিত এগৰাকী যুৱতীৰ মৃত্যুৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ২৩বছৰীয়া যুৱতী গৰাকী চিলাপথাৰ অকাজান গাঁৱৰ টানিয় ৰেগণ বুলি স্থানীয় ৰাইজে সদৰী কৰিছে।
পাৰ্টি চলি থকাৰ মাজতে যুৱতী গৰাকীৰ মৃত্যু হয়। মৃত অৱস্থাত যুৱতী গৰাকীক এৰি নৈশ পাৰ্টি এৰি সকলোৱে পলায়ন কৰে। আৰক্ষীয়ে নৈশ পাৰ্টিত বিচৰা অংশ গ্ৰহণ কৰা ব্যক্তি সকলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।
যুৱতী গৰাকীক হত্যা কৰাৰ অভিযোগত পৰিয়ালৰ লোকে চিলাপথাৰ থানাত গোচৰ ৰুজু কৰিছে। ইতিমধ্যে আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে। ঘটনটোৰ লগত জড়িত নুমল পেগু আৰু লাচিত পেগু নামৰ দুজন যুৱকক আৰক্ষীয়ে আটক কৰিছে। ৩৯০ /৩০ নং ৩২০/৩৪ ভাৰতীয় দণ্ড বিধিৰ অধীনত চিলাপথাৰ থানাত এটি গোচৰ ৰুজু হৈছে ।













