
অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাতত দুইজন ক’ভিড-১৯ পজিটিভ। ক’ভিড আক্ৰান্ত বোকাখাতৰ লখৌজানৰ ৰাজু চেত্ৰী আৰু বোকাখাত হিন্দী হাইস্কুলৰ কোৱাৰেন্টাইনত থকা আশীষ চুব্বা। যোৰহাটতৰ অসম ৰাজ্যিক পৰিবহন বিভাগৰ ওৱৰ্কচপত কৰ্মৰত চেত্ৰীয়ে বোকাখাতৰ নিৰ্মল ফাৰ্মাচীত ডাঃ কানুকৃষ্ণ বৰদলৈৰ ওছৰত ৫ দিন পূৰ্বে জ্বৰৰ চিকিৎসা কৰাইছিল ৷ চিকিৎসকে তেওঁক বোকাখাতৰ ছহীদ কমলা মিৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ চিকিৎসকে তেওঁৰ স্বোৱাব লোৱাৰ পাছত হ’ম কোৱাৰেন্টাইনত আছিল ৷
আজি তেওঁৰ ক’ভিড ১৯ পজিটিভ অহাত ফাৰ্মাচীখন প্ৰশাসনে কন্টাইনমেন্ট জ’ন ঘোষণা কৰে ৷ ফাৰ্মাচীৰ সকলোৰে স্বোৱাব সংগ্ৰহ কৰিব চিকিৎসা বিভাগে ৷ বোকাখাত হিন্দী হাইস্কুলৰ কোৱাৰেন্টটাইনত থকা আশীষ চুব্বাৰো ক’ভিড ১৯ পজিটিভ আহিছে ৷ চুব্বা বহিঃৰাজ্যৰ পৰা আহিছিল আৰু তেওঁৰ ঘৰ যোগনীয়া আটিত ৷ দুয়োকে কহঁৰাৰ শ্বহীদ বেজা বৈষ্ণৱ ক’ভিড হস্পিতাললৈ প্ৰেৰণ কৰিছে ৷













