![]()
ষ্টাফ ৰিপ’ৰ্টাৰ,নগাঁও:
ড্ৰাগছ আসক্ত তিনি যুৱকৰ কবলত পৰি নগাঁও চহৰৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীয়ে অকালতে মৃত্যুবৰণ কৰা ঘটনাৰ প্ৰতিক্ৰিয়া চহৰখনত আজিও অব্যাহত আছে। নিচাযুক্ত ড্ৰাগছৰ বিৰুদ্ধে আজি সৰৱ হৈ পৰে নগাঁও জিলা ছাত্ৰ সন্থা। নগাওঁ জিলা ছাত্ৰ সন্থাই আজি ড্ৰাগছৰ বিৰুদ্ধে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত থকা জিলা ছাত্র সন্থাৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
নৱপ্ৰজন্মক ড্ৰাগছৰ কবলৰ পৰা মুক্ত কৰাৰ বাবে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিবলৈ সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই চৰকাৰক দাবী জনায়। আজি জিলা ছাত্ৰ সন্থাই জিলাখনত অবাধে চলি থকা ড্ৰাগছ, তীৰ, জুৱা, গাঞ্জা আদি ব্যৱসায় তৎকালীনভাৱে বন্ধ কৰাৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে। জিলা ছাত্ৰ সন্থাৰ সভাপতি গৌৰীশংকৰ শইকীয়া, সাধাৰণ সম্পাদক অমৰজ্যোতি ফুকনৰ নেতৃত্বত ছাত্ৰ সন্থাৰ সদস্য সকলে সামাজিক দূৰত্ব বজাই ৰাখি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। ছাত্ৰ সন্থাৰ সদস্যসকলে ড্ৰাগছ বিৰোধী বিভিন্ন শ্লোগান দি ৰাজপথ উত্তাল কৰি তোলে।
উল্লেখ্য যে দীৰ্ঘদিন ধৰি নগাঁৱত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ পিছতো ড্ৰাগছৰ বিৰুদ্ধে প্ৰশাসনে শক্তিশালী পদক্ষেপ গ্ৰহণ নকৰাত জিলা ছাত্ৰ সন্থাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। জিলাখনত ড্ৰাগছ, তীৰ, গাঞ্জা আদি ব্যৱসায় শীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনাই জিলা ছাত্ৰ সন্থাই নগাঁও জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে।
স্মাৰক পত্ৰত জিলা ছাত্ৰ সন্থাই জিলাখনত ড্ৰাগছৰ এক ৰমৰমীয়া ব্যৱসায় গঢ় লৈ উঠা বুলি উল্লেখ কৰি আৰক্ষী প্ৰশাসনে এই ব্যৱসায়ৰ লগত জড়িত কিছু লোকক সময়ে সময়ে কৰায়ত্ত কৰে যদিও এই ব্যৱসায় লগত জড়িত মাফিয়া সকলৰ বিৰুদ্ধে জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগে শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰাত সফল হোৱা নাই বুলিও অভিযোগ কৰে ।
আনহাতে নৱপ্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি ড্ৰাগছৰ ব্যৱসায় চলোৱা ড্ৰাগছ মাফিয়াসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈকো জিলা ছাত্ৰ সন্থাই দাবী জনায় । আনহাতে, নতুন প্ৰজন্মৰ ভৱিষ্যৎ সুৰক্ষাৰ স্বার্থত অসম চৰকাৰৰ গৃহ বিভাগক এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ জিলা ছাত্ৰ সন্থাই আহ্বান জনায় ।













