নিউজ ডেস্ক :
ক’ৰোনা ভাইৰাছৰ প্ৰকোপ যদি নকমে আৰু অধিক শক্তিশালী হৈ উঠে তেন্তে পুনৰ স্থগিত হ’ব টকীঅ’ অলিম্পিক৷ জাপান চৰকাৰৰ পৰামৰ্শদাতা কিৱ’ছি কুৰোকাৱাই এই কথা জনাইছে৷ তেওঁ কয় যে ভাইৰাছৰ গতিবিধি প্ৰতি সময়তে সলনি হৈছে৷ দেখা গ’ল দ্বিতীয় পৰ্যায়ত অধিক শক্তিশালী হৈ সংক্ৰমিত হৈছে৷ সেয়ে অলিম্পিক স্থগিত কৰাৰ বাদে উপায় নাথাকিব৷
সেয়াই তেওঁলোকে আশংকা কৰিছে৷ টকীঅ’ত নতুনকৈ ক’ৰোনা সংক্ৰমণৰ খবৰ পোৱা যাব৷ কাৰণ জনসাধাৰণে চৰকাৰী নিৰ্দেশ মানি চলা নাই৷
ইয়াৰ মাজতে ভাইৰাছৰ যদি পৰিৱৰ্তন ঘটে তেনেহ’লে সমগ্ৰ ছবিটো সলনি হৈ পৰিব৷ সেয়া বিশ্বৰ যিকোনো ঠাইতে ঘটিব পাৰে৷ উল্লেখ্য যে ক’ৰোনাক লৈ দুটা দিশত যুঁজ হৈছে৷ এটা হ’ল কিদৰে ক’ৰোনা সংক্ৰমণ বন্ধ কৰিব পাৰি আৰু আনটো হ’ল অৰ্থনীতি কিদৰে তুলিব পাৰি৷ এনেদৰে কয় কিৱ’ছি কুৰোকাৱাই৷