নিউজ ডেস্ক :
এক বিশালাকাৰ গ্রহাণু (asteroid) পৃথিৱীৰ ফালে বেগাই আহিছে। এই গ্রহাণুৰ আয়তন দিল্লীৰ কুতুব মিনাৰতকৈও প্রায় আঢ়ৈ গুণ ডাঙৰ। আমেৰিকাৰ মহাকাশ গৱেষণা সন্থা নাছাই (NASA) এই গ্রহাণুক লৈ জাৰি কৰিছে সতৰ্কতা। কোৱা হাহুল্য যে, কুতুব মিনাৰৰ দৈৰ্ঘ্য ২৪০ ফুট আৰু এই গ্রহাণু ৫৫০ ফুটতকৈ বেছি ডাঙৰ। নাছাই এই গ্রহাণুৰ নাম 2020ND দিছে। নাছাই এই গ্রহাণুক সম্ভাব্য বিপদ শ্রেণীত ৰাখিছে।
নাছাৰ তথ্য অনুযায়ী, ২৪ জুলাইত এই গ্রহাণু পৃথিৱীৰ আটাইতকৈ কাষত থাকিব৷ নাছাই সতৰ্কতা জাৰি কৰি জনাইছে যে, এই গ্রহাণু পৃথিৱীৰ মাত্র 0.034 এস্ট্ৰ’নমিকাল ইউনিট দূৰত থাকিব। আমেৰিকাৰ মহাকাশ গৱেষণা কেন্দ্রই জনাইছে যে, সম্ভাব্য বিপদজনক গ্রহাণু (PHAs)ৰ বর্তমান সেই পেৰামিটাৰৰ ভিত্তিত পৰিভাষিত কৰা হৈছে, যিটো পৃথিৱীৰ ওপৰত নিকট দৃষ্টিকোণৰ বাবে গ্রহাণুৰ ক্ষমতা মাপত।