ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ভাৰতত হোৱাৰ সম্ভাৱনা নাই৷ দেশৰ বাহিৰতে এই লীগ আয়োজনৰ চিন্তা চলি আছে৷ শেহতীয়া চিন্তা মতে সংযুক্ত আৰব আমিৰশ্বাহিত এই টুৰ্ণামেণ্ট আয়োজন কৰাৰ সম্ভাৱনা আছে৷ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ এপেক্স কাউন্সিলৰ সভাত তাৰেই চিন্তাত আলোচনা হৈছে৷ ২৬ ছেপ্টেম্বৰৰ পৰা ৭ নৱেম্বৰৰ ভিতৰত এই টুৰ্ণামেণ্ট আয়োজনৰ কথা ভাবিছে বিচিচিআই-এ৷ ইয়াৰ পূৰ্বে ২০১৪ চনত আইপিএল সংযুক্ত আৰব আমিৰশ্বাহিত অনুষ্ঠিত হৈছিল৷ ভাৰতত ক’ৰোনা আক্ৰান্তৰ সংখ্যা নিতৌ বৃদ্ধি পাই আছে৷ সেয়ে দেশত এই মেগা টুৰ্ণামেণ্টখন আয়োজনৰ সম্ভাৱনা নাই৷
প্ৰাপ্ত তথ্য মতে সংযুক্ত আৰব আমিৰশ্বাহিত আইপিএল আয়োজনৰ বাবে ভাৰত চৰকাৰৰ পৰা অনুমতি বিচাৰিছে৷ তাৰ বাবে ক্ৰিকেটাৰ আৰু বিষয়ববীয়াৰ যাতায়াতৰ বাবে অনুমতি বিচাৰিছে৷ উল্লেখ্য যে ক’ভিড-১৯ তুলনামূলকভিৱে সংযুক্ত আৰব আমিৰশ্বাহিত সংক্ৰমণ কম৷ দেশখনত মৃত্যুৰ সংখ্যা তিনিশৰো কম৷ আনহাতে আক্ৰান্তৰ সংখ্যা ৬০ হাজাৰো নহয়৷ তাৰ মাজত ৪৯ হাজাৰ সুস্থ হৈ উঠিছে৷