অসম কন্যা হীমা দাসে সোণৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়ালে৷ অৱশ্যে এতিয়া ট্ৰেকত নহয়, এছিয়ান গেমছৰ ট্ৰেকত লাভ কৰিলে সোণৰ পদৰ৷ উল্লেখ্য যে ২০১৮ চনৰ এছিয়ান গেমছত ভাৰতৰ ৪ × ৪০০ মিটাৰ মিক্স দলটোৱে লাভ কৰিছিল ৰূপৰ পদক৷ ভাৰতৰ এইটো দলত আছিল মহম্মদ আনাছ, হীমা দাস, পোভাম্মা আৰু আৰোকিয়া ৷
কিন্তু এছিয়ান গেমছৰ এই ৰূপৰ পদক স্বৰ্ণ পদকলৈ উন্নীত হয়৷ ফলত ২০১৮ চনৰ এছিয়ান গেমছৰ পৰা আন এটা স্বৰ্ণ পদক আহিল হিমা দাসলৈ৷ উল্লেখ যে সেই ৰীলেত স্বৰ্ণপদক পোৱা বাহৰেইন দলৰ এগৰাকী সদস্য ড’প টেষ্টত ব্যৰ্থ হয়৷ ফলত ভাৰতৰ ৰীলে দলটোৱে সোণৰ পদক লাভ কৰে৷