![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
সমগ্ৰ ৰাজ্যখন বানপানীৰ কৱলত পৰি জুৰুলা হৈ থকাৰ সময়তে পবিতৰা অভয়াৰণ্যত চলিছে অবাধ বন্যপ্ৰাণী নিধন যজ্ঞ। সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি হিমাংশু মহন্ত আৰু সাধাৰণ সম্পাদক দিপুল কুমাৰ নাথে এক প্ৰেছ বিবৃতি জনায় যে যি সময়ত ছাত্ৰ জিলা ছাত্ৰ সন্থাই বাৰম্বাৰ পবিতৰা অভয়াৰণ্যৰ বন্যপ্ৰাণীবোৰৰ সুৰক্ষাৰ কল্পে বন বিভাগক দাবী জনাই আহিছে তেনে সময়তে বানপানীৰ কৱলত পৰি অভয়াৰণ্যখনৰ গঁড়, বনৰীয়া মহ, বন গাহৰি আদি বন্যপ্ৰাণীবোৰ খাদ্যৰ সংকটত পৰিছে৷
তেনে সময়তে ভুতৰ ওপৰত দানহ পৰা দি এচাম চোৰাংচিকাৰীয়ে বনৰীয়া মহ,গাহৰি হত্যা কৰি ভক্ষণ কৰাৰ লগতে দুটা বনৰীয়া মহ চোৰাংচিকাৰীৰ কৱলত থকা বুলিও জানিব পৰা গৈছে। হিমাংশু মহন্তই অতি পৰিতাপৰে কয় যে পবিতৰা অভয়াৰণ্য সুৰক্ষাৰ বাবে এটা চৰকাৰী বিভাগ আছে৷ ইয়াৰ পিছতো কিদৰে অভয়াৰণ্যখনৰ ভিতৰত বন্যপ্ৰাণী নিধন যজ্ঞ চলিছে? সেই কথা সন্দেহজনক বুলি আখ্যা দি প্ৰশ্ন কৰে যে অভয়াৰণ্যখনৰ বিভাগীয় কৰ্মচাৰী এই কাৰ্যত জড়িত আছে নেকি?
ইয়াকে লৈ স্থানীয় ৰাইজ আৰু জিলাবাসীৰ মাজত সৰৱ চৰ্চা হৈছে৷ অন্যহাতে দিপুল কুমাৰ নাথে কয়, জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলে অভয়াৰণ্যখনবানপানীৰ কৱলত পৰি থকাৰ সময়তে পৰিভ্ৰমণ কৰে৷ ছাত্ৰ সন্থাই বন্যপ্ৰাণীবোৰৰ সুৰক্ষাৰ দাবী কৰাৰ লগতে বনকৰ্মীসকলক সাক্ষাৎ কৰি মনোৱল বৃদ্ধি কৰি আহিছে৷ তেনে সময়তে কি ধৰণে বন্যপ্ৰাণী হত্যা কৰা হ’ল বুলি প্ৰশ্ন কৰে৷
বৰ্তমানলৈকে বিভাগীয় কৰ্তৃপক্ষই এই বিষয়ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাটো সন্দেহজনক৷ অভয়াৰণ্যখনৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰত বন বিভাগ সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে বুলি ছাত্ৰ সন্থাই অভিযোগ উত্থাপন কৰে৷ উল্লেখ্য যে ৰাজহুৱা অভিযোগ মতে অভয়াৰণ্যখনৰ মাছ, কাছ আদিও বিভিন্ন সময়ত অবৈধভাৱে বজাৰত বিক্ৰী হৈ আহিছে৷ সেয়েহে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই অভয়াৰণ্যখনৰ বন্যপ্ৰাণীবোৰক প্ৰয়োজনীয় সুৰক্ষা প্ৰদান কৰাৰ লগতে সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক দাবী জনাইছে৷













