নিউজ ডেক্স:
অহা ১৯ ছেপ্টেম্বৰৰ পৰা সংযুক্ত আৰব আমিৰশ্বাহিত ১৩ সংখ্যক আইপিএল অনুষ্ঠিত হ’ব৷ আইপিএলৰ অধ্যক্ষ ব্ৰিজেশ পেটেলে এই কথা জনাইছে৷ উল্লেখ্য যে অহা ২৬ ছেপ্টেম্বৰৰ পৰা এই টুৰ্ণামেণ্টখন আয়োজন হোৱাৰ কথা আছিল৷
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ছেপ্টেম্বৰৰ পৰা নৱেম্বৰৰ ভিতৰত আইপিএল আয়োজনৰ কথা ভাবি আছিল৷ ব’ৰ্ডৰ সূত্ৰ উদ্ধৃতি দি সংবাদ প্ৰতিষ্ঠানক জনাই যে ১৯ ছেপ্টেম্বৰৰ পৰা আইপিএল আৰম্ভ হ’ব৷ আইপিএলৰ অধ্যক্ষ ব্ৰিজেছ পেটেলে জনায় যে ১৯ ছেপ্টেম্বৰৰ পৰা ৮ নৱেম্বৰ পৰ্যন্ত সংযুক্ত আৰৱ আমিৰশ্বাহিত আইপিএল অনুষ্ঠিত হ’ব৷
আঠটা ফ্ৰেঞ্চানজিক ব’ৰ্ডৰ তৰফৰ পৰা আইপিএলৰ দিন জনোৱা হৈছে৷ অহা সপ্তাহত আইপিএলৰ গভাৰ্ণিং কাউঞ্চিলৰ সভা অনুষ্ঠিত হ’ব৷ তাতে সূচী চূড়ান্ত কৰা হ’ব৷ উল্লেখ্য যে আইপিএল আৰম্ভ হোৱাৰ প্ৰায় এমাহৰ আগতে আৰৱ পাবগৈ সকলো দল৷ তাতেই চলিব প্ৰস্তুতি৷ আইপিএলৰ মুঠ ৬০ খন মেচ ডুবাই, শ্বাৰজা আৰু আবু ধাবিত অনুষ্ঠিত হ’ব৷