নিউজ ডেক্স:
ক্ৰিকেটৰ ৰুল বুক এইবাৰ প্ৰকাশ হ’ল হিন্দীত৷ এই অভূতপূৰ্ব কাম কৰিলে ঘৰুৱা ক্ৰিকেটত ১৯ বছৰ ধৰি আম্পায়াৰিং কৰা ভাৰতৰ জ্যেষ্ঠ আম্পায়াৰ, মধ্যপ্ৰদেশ ক্ৰিকেট সন্থাৰ সদস্য ৰাজীৱ ৰিছোৰকৰে৷ ক্ৰিকেটৰ নিয়মাৱলীৰ কাষ্টডিয়ান (সংৰক্ষণ) মেৰিলিব’ৰ্ণ ক্ৰিকেট ক্লাবে হিন্দী অনুবাদ কৰা এই ৰুল বুক নিজৰ ৱেবছাইটত আপলোড কৰে৷
১৭৮৭ চনৰ পৰা এমচিচি ক্ৰিকেটৰ নিয়ম আৰু সংস্কাৰ ইয়াত লিপিবদ্ধ আছে৷ আম্পায়াৰজনৰ এই কাৰ্যত গৌৰাৱাম্বিত মধ্যপ্ৰদেশ ক্ৰিকেট সন্থা৷ উল্লেখ্য যে এমচিচিৰ ল অব ক্ৰিকেট (২০১৭ কোড দ্বিতীয় সংস্কৰণ ২০১৯) হিন্দীলৈ অনুবাদ কৰিছে আম্পায়াৰজনে৷ এতিয়াৰ পৰা ভাৰতীয় ক্ৰিকেটপ্ৰেমীয়ে এমচিচিৰ ৱেবছাইটত ক্ৰিকেটৰ নিয়মাৱলী হিন্দীত পঢ়িব পাৰিব৷
উল্লেখ্য যে ১৯৯৭ চনৰ পৰা ২০১৬ চন পৰ্যন্ত বিচিচিআইৰ আম্পায়াৰৰ দায়িত্বত আছিল ৰাজীৱ ৰিছোৰকৰ৷ মন কৰিব লগা যে ১০১ পৃষ্ঠাৰ ক্ৰিকেটৰ ৰুল বুক হিন্দীলৈ অনুবাদ কৰোতে তেওঁৰ এমাহ সময় লাগিছিল৷