ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

জ্যেষ্ঠজনক সন্মান নে ৰাজনৈতিক তিক্ততা দূৰীকৰণ : নগাঁৱত একেখন মঞ্চত ৰাজেন- ৰূপক

ASSAM TIMES POST by ASSAM TIMES POST
July 27, 2020
Reading Time: 1 min read
A A
0
জ্যেষ্ঠজনক সন্মান নে ৰাজনৈতিক তিক্ততা দূৰীকৰণ : নগাঁৱত একেখন মঞ্চত ৰাজেন- ৰূপক

logo new 2 11 | ASSAM TIMES POST

RELATED POSTS

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

ষ্টাফ ৰিপ’ৰ্টাৰ:

নগাঁও : প্ৰাক্তন কেন্দ্রীয় ৰেলৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাই আৰু নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ মাজত বৰ্তমান চলি থকা সংঘাতৰ কথা সৰ্বজনবিদিত। বিগত লোকসভা নিৰ্বাচনত ৰাজেন গোঁহাইৰ পৰিৱৰ্তে ৰূপক শৰ্মাক বিজেপি দলে নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ পিচতে প্ৰাক্তন ৰেলৰাজ্য মন্ত্ৰী গোঁহাই আৰু বিধায়ক ৰূপক শৰ্মাৰ মাজত সম্পৰ্কৰ দ্ৰুত অৱনতি ঘটিবলৈ ধৰে।

শেহতীয়াভাৱে প্ৰাক্তন মন্ত্ৰী ৰাজেন গোঁহাইয়ে সংবাদ মেলৰ আয়োজন কৰি নগাঁৱৰ উন্নয়ণৰ কৃতিত্ব কেৱল তেওঁৰহে বুলি দাবী কৰিছিল। আনকি অনাগত বিধানসভা নিৰ্বাচনত গোঁহাইয়ে নগাঁও অথবা বঢ়মপুৰ বিধানসভা সমষ্টিত দলীয় টিকট বিচাৰিব বুলিও ঘোষণা কৰে। আনহাতে প্ৰাক্তন কেন্দ্রীয় ৰেলৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাইৰ এনে মন্তব্যৰ পিচতে বিধায়ক ৰূপক শৰ্মাই নগাঁৱৰ উন্নয়ণৰ কৃতিত্ব কেৱল কেন্দ্ৰ আৰু ৰাজ্যৰ শাসনত থকা বিজেপি চৰকাৰৰহে বুলি উল্লেখ কৰে।

এই উন্নয়ণৰ দাবীদাৰ কোনো ব্যক্তিবিশেষৰ নহয় বুলিও বিধায়ক শৰ্মাই স্পষ্ট কৰি দিয়ে। ইপিনে সংবাদ মাধ্যমত ৰাজেন গোঁহাই আৰু ৰূপক শৰ্মাৰ সংঘাতৰ বিষয়েও ব্যাপক চৰ্চা চলিব ধৰে। আনহাতে আজি নগাঁও খগেন মহন্ত প্ৰেক্ষাগৃহত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দ্বিতীয় পৰ্য্যায়ৰ আধাৰশিলা অনুষ্ঠানত দীৰ্ঘ সময় বিৰতিৰ পাচত একেখন মঞ্চতে আসন গ্ৰহণ কৰিলে প্ৰাক্তন মন্ত্ৰী ৰাজেন গোঁহাই আৰু বিধায়ক ৰূপক শৰ্মাই।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী কেশৱ মহন্ত আৰু পীযূষ হাজৰিকাই অংশগ্ৰহণ কৰা এই অনুষ্ঠানৰ আদৰণি পৰ্বত দেখা এক দৃশ্যই বহুতৰে দৃষ্টি আকৰ্ষণ কৰে । মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী দ্বয়ক আদৰণি জনোৱাৰ পিচতে বিধায়ক ৰূপক শৰ্মাক জিলা প্ৰশাসনে আদৰণি জনাবলৈ আগবাঢ়ি আহে । কিন্তু সেই সময়ত বিধায়ক শৰ্মাই তেওঁৰ পৰিৱৰ্তে প্ৰথম ৰাজেন গোঁহাইক আদৰণি জনাবলৈ অনুৰোধ জনায়।

জিলা প্ৰশাসনে ৰূপক শৰ্মাৰ অনুৰোধ ৰক্ষা কৰি বিজেপিৰ জ্যেষ্ঠ নেতা প্ৰাক্তন মন্ত্ৰী ৰাজেন গোঁহাইক আদৰণি জনায়। গোঁহাইক আদৰণি জনোৱাৰ পাচত বিধায়ক ৰূপক শৰ্মাক আদৰণি জনোৱা হয় । বৰ্তমানৰ ৰাজনৈতিক পৰিৱেশত বিধায়ক গৰাকীৰ এনে কাৰ্যক একাংশই জ্যেষ্ঠজনৰ প্ৰতি সন্মান বুলি অভিহিত কৰাৰ বিপৰীতে আন একাংশই আকৌ ইয়াক ৰাজনৈতিক তিক্ততা দূৰীকৰণৰ প্ৰচেষ্টা বুলিও কব খোজে ।

Tags: Featured2
Share4Tweet3Send

Related Posts

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

by News Desk
June 30, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
ADVERTISEMENT
Earthquake in Venezuela : ভেনিজুৱেলাৰ বিধ্বংসী ভূমিকম্পৰ ৮ দিনৰ পাছত ধ্বংসস্তুপৰ পৰা ওলাল জীয়াই থকা ব্যক্তি
National-International

Earthquake in Venezuela : ভেনিজুৱেলাৰ বিধ্বংসী ভূমিকম্পৰ ৮ দিনৰ পাছত ধ্বংসস্তুপৰ পৰা ওলাল জীয়াই থকা ব্যক্তি

July 3, 2026
50
Bus accident in Pakistan : পাকিস্তানত খাদত বাগৰি পৰিল যাত্ৰীবাহী বাছ, মৃত্যু ৪০
National-International

Bus accident in Pakistan : পাকিস্তানত খাদত বাগৰি পৰিল যাত্ৰীবাহী বাছ, মৃত্যু ৪০

July 3, 2026
50
Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব
National-International

Ram Mandir controversy I ৰাম মন্দিৰৰ ধন চুৰি গোচৰত প্ৰাক্তন ট্ৰাষ্ট মুৰব্বীৰ বিৰুদ্ধে এজাহাৰ দাখিল

July 3, 2026
50
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?
National-International

Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?

July 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Earthquake in Venezuela : ভেনিজুৱেলাৰ বিধ্বংসী ভূমিকম্পৰ ৮ দিনৰ পাছত ধ্বংসস্তুপৰ পৰা ওলাল জীয়াই থকা ব্যক্তি

Earthquake in Venezuela : ভেনিজুৱেলাৰ বিধ্বংসী ভূমিকম্পৰ ৮ দিনৰ পাছত ধ্বংসস্তুপৰ পৰা ওলাল জীয়াই থকা ব্যক্তি

July 3, 2026
Bus accident in Pakistan : পাকিস্তানত খাদত বাগৰি পৰিল যাত্ৰীবাহী বাছ, মৃত্যু ৪০

Bus accident in Pakistan : পাকিস্তানত খাদত বাগৰি পৰিল যাত্ৰীবাহী বাছ, মৃত্যু ৪০

July 3, 2026
Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব

Ram Mandir controversy I ৰাম মন্দিৰৰ ধন চুৰি গোচৰত প্ৰাক্তন ট্ৰাষ্ট মুৰব্বীৰ বিৰুদ্ধে এজাহাৰ দাখিল

July 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx