![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
বোকাখাত : হাতীৰ আক্ৰমণত এজন লোক গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হোৱাৰ বাতৰি আহিছে। জানিব পৰা মতে গেলেকা বালিজানৰ বীৰেণ ঘাটোৱাৰ (৩৮) নামৰ লোকজন ২৫ জুলাইত খৰি আনিবৰ বাবে ওচৰৰে পাহাৰলৈ গৈছিল।
তাৰ পাছতে সন্ধানহীন হৈ পৰে লোকজন। আজি স্থানীয় ৰাইজে বিচাৰ খোচাৰ কৰি পাহাৰৰ এক আওহতীয়া ঠাইত হাতীৰ আক্ৰমণত গুৰুতৰভাবে আহত বীৰেণ ঘাটোৱাৰক উদ্ধাৰ কৰে।
ততাতৈয়াকৈ তেওঁক বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰি প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে জে এম চি এইচলৈ প্ৰেৰণ কৰে।













