![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
বোকাখাত : বছৰৰ তৃতীয়টো বানত ডুবিছে কাজিৰঙা। নিজ গৃহ এৰি বান শিবিৰত জীৱন সংগ্ৰাম চলাইছে বানাক্ৰান্তই। সেয়েহে চৰকাৰৰ লগতে বানাক্ৰান্তক সকাহ দিবলৈ আগবাঢ়ি আহিছে ব্যক্তি, সংগঠনৰ লগতে বেচৰকাৰী সংস্থাও।
‘বৃক্ষবন্ধু’ নামৰ তেনে এটা বেচৰকাৰী সংস্থাৰ যোগেদি কাজিৰঙাৰ বৰবিল গাঁৱৰ ২৫০ টা বানপীড়িত পৰিয়াললৈ ৰেচন প্ৰদান কৰা হয়৷
বৰবিল গাঁৱৰ যুৱকৰ সহযোগত বৃক্ষবন্ধুৰ স্থানীয় সদস্য পাৰ্থ প্ৰতিম সন্দিকৈৰ উদ্যোগত পশ্চিমবংগ নিৱাসী কৰ্মসূত্ৰে মুম্বাইৰ বাসিন্দা চিত্ৰশিল্পী টুহিনা চেটাৰ্জীৰ নেতৃত্বত প্ৰদান কৰা হয় এই সাহায্য ৷ বহনক্ষম উন্নয়ন আৰু বিকাশত বিশ্বাসী টুহিনা চেটাৰ্জীয়ে অহৰহ সমাজ কল্যাণৰ হকে কাম কৰি আহিছে৷













