নিউজ ডেক্স:
২০২৩ চনৰ বিশ্বকাপত যোগ্যতা অৰ্জনৰ বাবে নতুন এদিনীয়া আন্তৰ্জাতিক সুপাৰ লীগ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল আন্তৰ্জাতিক ক্ৰিকেট কাউন্সিল (আইচিচি)য়ে৷ ৩০ জুলাইত ছাউদাম্পটনত বিশ্ব চেম্পিয়ন ইংলেণ্ড আৰু আয়াৰলেণ্ডৰ মাজৰ খেলৰ পৰাই এই লীগ আৰম্ভ হ’ব৷
এই প্ৰতিযোগিতাত ১৩টা দলে অংশ ল’ব৷ ইয়াৰে ১২টা দল হ’ল আইচিচিৰ পূৰ্ণ সদস্য৷ আনটো দল হ’ল নেডাৰলেণ্ড৷ স্মতৰ্ৱ্য যে নেডাৰলেণ্ডে ২০১৫-১৭ৰ বিশ্ব ক্ৰিকেট ছুপাৰ লীগত জয়ী হৈছিল৷ সূচী অনুসৰি প্ৰতিটো দলে চাৰিখন হোম আৰু চাৰিখন এৱে মেচ খেলিব৷ প্ৰতিটো ছিৰিজতে থাকিব তিনিখন মেচ৷