![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
বোকাখাত: অসমৰ অন্যতম সাংস্কৃতিক সংগঠন বোকাখাত শিল্পী সমাজৰ উদ্যোগত আজি বোকাখাত নগৰ, গড়মূৰ আৰু ইকৰাজানত প্ৰায় ছশ মাস্ক বিতৰণ কৰা হয়। সমাজৰ সদস্যসকলৰ নিজা উদ্যোগত এই মাস্ক সমূহ ৰাইজৰ মাজত বিতৰণ কৰাৰ লগতে বৰ্তমান কভিড-১৯ৰ ভাইৰাছ সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰত্যেক ব্যক্তিয়ে লব লগীয়া প্ৰচেষ্টাৰ ওপৰত সজাগতা সৃষ্টি কৰে।
গাওঁ চহৰৰ মাস্ক পৰিধান নকৰা ব্যক্তিক অতি নম্ৰতাৰে মাস্ক পিন্ধিবলৈ আৰু সঠিকভাৱে পিন্ধিবলৈ অনুৰোধ জনায়। আজিৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে শিল্পী সমাজৰ সভাপতি বিজয় শৰ্মা, সম্পাদক অসীম বৰুৱা, গোপাল বৰাইক,উপদেষ্টা ইনামূল ৰহমান, ধনীৰাম কুৰ্মি, মন্টু শইকীয়া, অতুল বেজবৰুৱা, গিৰিণ ৰাজখোৱা, দুদুল বৰা, লুইত দত্ত আদি সদস্য সকলে।













