![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাওঁ : নগাওঁ জিলাৰ কলিয়াবৰত বনৰীয়া হাতীৰ কৰুণ মৃত্যু। আজি পুৱতিনিশা শালনাৰ লেংটেং চাহ বাগিচাত এটা বনৰীয়া হাতীয়ে কৰুণ মৃত্যুক সাৱটি লয়। বনৰীয়া হাতীটোৰ এনে মৃত্যুত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে।
জানিব পৰা মতে আজি পুৱতি নিশা প্ৰায় ৫ বজাত বাগিছাখনৰ পাছফালে কঠাল খাবলৈ আহি জ্বলি থকা বিজুলীবাতিৰ তাঁৰত লাগি হাতীটোৰ মৃত্যু হয় ।
এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ হাতীটোৰ মৰণোত্তৰ পৰীক্ষা কৰে। ঘটনা সন্দৰ্ভত বন বিভাগে তদন্ত অব্যাহত ৰাখিছে।
উল্লেখ্য যে একাংশ লোকে বন্য জন্তুৰ পৰা নিজৰ খেতি পথাৰ ৰক্ষা কৰিবলৈ অবৈধ ভাৱে বিদ্যুৎ সংযোগ কৰি আহিছে। এনেদৰে অবৈধ ভাৱে বিদ্যুৎ সংযোগ কৰাৰ ফলত ইতিপূৰ্বেও নগাওঁ জিলাত কেইবাটাও বনৰীয়া হাতীৰ মৃত্যু হৈছে।













