![]()
জিতেন বৰকটকী:
নগাঁও:অতিমাৰী ক’ৰোনা ভাইৰাছৰ ভয়ংকৰ গণ সংক্ৰমণত ত্ৰস্তমান হৈ পৰিছে নগাঁও জিলাৰ ৰাইজ।জিলা খনত অতি উদ্বেগজনক ভাৱে ক’ৰোনা ত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পায়েই আছে।যোৱা চৌৱিশ ঘন্টাত জিলা খনত নতুনকৈ ১৫৮ গৰাকী লোক ক’ৰোনাত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগে নিশ্চিত কৰাত ৰাইজ আতংকিত হৈ পৰিছে।
কালি বিয়লি তিনি বজাৰ পৰা আজি বিয়লি তিনি বজা পৰ্যন্ত এই চৌৱিশ ঘন্টাত নতুনকৈ আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা ১৫৮ গৰাকী লোককলৈ আজি বিয়লি তিনি বজা পৰ্যন্ত জিলা খনত ক’ৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১৬১৯ জনলৈ বৃদ্ধি পায়।
ইপিনে,জিলা খনৰ বিভিন্ন কোৱাৰেন্টাইন চেন্টাৰত কোৱাৰেন্টাইন হৈ থকা ৭৮ গৰাকী লোকৰ সাদিনীয়া কোৱাৰেন্টাইন অন্ত পৰাত কিম্বা তেওঁ লোকৰ ক’ভিড নিগেটিভ ওলোৱাত তেওঁ লোকক আজি ঘৰলৈ যাবলৈ দিয়া হয়।ইপিনে,নগাঁৱত স্বাস্থ্য বিভাগে আৰম্ভ কৰা ৰেপিড এন্টিজেন টেষ্টত নগাঁও চহৰত ক’ৰোনাৰ ভয়াৱহ গণ সংক্ৰমণৰ তথ্য উন্মোচিত হৈছে ।
আজি চহৰ খনৰ হয়বৰগাঁৱৰ মৰিগাঁও বাছ আস্থানত স্বাস্থ্য বিভাগে চলোৱা ভ্ৰাম্যমাণ ৰেপিড এণ্টিজেন টেষ্টত ৫৫ জনৰ ভিতৰত ২২ জন লোকৰ দেহতেই ধৰা পৰিছে ক’ভিড ১৯ পজিটিভৰ অৱস্থিতি ৷ আজি নগাওঁ বিশেষ কাৰাগাৰত দুজন হাজোতী ক’ভিডত আক্রান্ত হৈছে। ক’ভিডত আক্রান্ত হোৱা হাজোতী দুজন হল ৰাজু চৌহান আৰু আনাৰুল ইছলাম।













